আজি ৯ এপ্ৰিল

▶️১৭৫৬ চনৰ আজিৰ দিনটোতেই ছিৰাজোদ্দৌলা বংগৰ নবাব হৈছিল।
▶️১৮৬৫ চনৰ এই দিনটোতেই আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান।
▶️১৮৯৮ চনৰ এই দিনটোতেই আমেৰিকাৰ কৃষ্ণাংগ অভিনেতা আৰু গায়ক পল ৰবছনৰ জন্ম হৈছিল।
▶️১৮৯৩ চনৰ এই দিনটোতেই হিন্দী ভাষাৰ লেখক, ইতিহাসবিদ, শাস্ত্ৰজ্ঞ পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ জন্ম হৈছিল।
▶️১৯৬৫ চনৰ আজিৰ দিনটোতেই কচ্চৰ ৰান অঞ্চলত ভাৰত-পাকিস্তানৰ যুদ্ধ। ক্ৰমে যুদ্ধই ভয়াৱহ ৰূপ লোৱাৰ পাছত সেই বছৰৰে ২৩ ছেপ্টেম্বৰত যুদ্ধবিৰতি ঘোষণা হয়।
▶️১৯৭৭ চনৰ এই দিনটোতেই সাহিত্যিক-ৰাজনীতিবিদ হেম বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৯৬ চনৰ এই দিনটোতেই কবি-সাহিত্যিক মহেন্দ্ৰ বৰাৰ মৃত্যু হৈছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.