নিউজ ডেস্কঃ

ৰাজস্থানৰ আলোৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গোলাঘাট জিলাৰ নুমলীগড়ৰ এটা পৰিয়ালৰ তিনিগৰাকী লোকৰ মৃত্যু। জানিব পৰা মতে নতুন দিল্লীৰ পৰা ৰাজস্থানলৈ ফুৰিবলৈ যোৱা পৰিয়ালটো কালি বিয়লি এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত নুমলিগড়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী জ্যোতিমালা গগৈ চৌধুৰী, জী মুনমী চৌধুৰী বৰা আৰু জোঁৱাই অৰ্ণৱ বৰা। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ছয় বছৰীয়া কনমানি সন্তান আবিৰৰ।

জানিব পৰা মতে কৰ্মসুত্ৰে গুৰগাঁৱত বাস কৰা জী-জোঁৱাইৰ ঘৰলৈ গৈছিল নিহত মাতৃ জ্যোতিমালা গগৈ চৌধুৰী। পিছত মহিলাগৰাকীয়ে জী-জোঁৱাই আৰু একমাত্ৰ নাতিৰ সৈতে জোঁৱায়েকৰ গাড়ীত উঠি ৰাজস্থানলৈ বুলি ফুৰিবলৈ গৈছিল। ৰাজস্থানৰ আলোৱাৰাত একে দিশেৰে গৈ থকা এখন ট্ৰেইলাৰৰ পিছফালে তেওঁলোকৰ বাহনখনে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু ঘটে মাতৃসহ জী-জোঁৱাইৰ।

উল্লেখ্য যে, বৰ্তমান আহত কণমানিটো চিকিত্‍সাধীন হৈ আছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি শিশুটিয়ে হাত আৰু ভৰিত যথেষ্ট আঘাত পাইছে।।

You might also like
Leave A Reply

Your email address will not be published.