নিষিদ্ধ ড্ৰাগছৰ গুৱাহাটী আৰক্ষীৰ বৃহৎ সফল অভিযান!

নিশা অভিযান চলাই জব্দ কৰে ৮০০ গ্ৰাম ব্ৰাউন চুগাৰ

নিউজ ডেস্ক:

নিষিদ্ধ ড্ৰাগছৰ গুৱাহাটী আৰক্ষীৰ বৃহৎ সফল অভিযান। আৰক্ষীয়ে মহানগৰীৰ হাতীগাঁৱৰ লখিমী নগৰৰ ৫৭ নং গৃহৰ পৰা জব্দ কৰে বিপুল পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু নগদ ধন ।

জানিব পৰা মতে, আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ঘৰটোত নিশা অভিযান চলাই জব্দ কৰে ৮০০ গ্ৰাম ব্ৰাউন চুগাৰ। জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৮০ লাখ টকা। ড্ৰাগছৰ লগতে আৰক্ষীয়ে নগদ ৭.৪৯ লাখ টকাসহ জব্দ কৰে এখন বিলাসী বাহন। অৱশ্যে আৰক্ষী অহাৰ পূৰ্বেই পলায়ন কৰিবলৈ সক্ষম হয় কুখ্যাত সৰবৰাহকাৰীটো।

আৰক্ষীৰ মতে, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা মহানগৰীলৈ পলাতক অভিযুক্তটোৱে ড্ৰাগছ সৰবৰাহ কৰি আহিছিল। আৰক্ষীয়ে সৰবৰাহকাৰীটোক বিছাৰি অব্যাহত ৰাখিছে অভিযান।ঘৰটোৰ কোঠাৰ পৰা আৰক্ষীয়ে এগৰাকী মহিলাক আটক কৰে।পলাতক সৰবৰাহকাৰীটো একাধিক চুৰিকাৰ্য্যটো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে চুবুৰীয়াই।।

You might also like
Leave A Reply

Your email address will not be published.