আজি ১০ এপ্ৰিল

▶️১৭৭৫ চনৰ এই দিনটোতেই হোমিঅ’পেথি চিকিৎসা পদ্ধতিৰ জন্মদাতা জাৰ্মানীৰ ছেমুৱেল হেনিমেনৰ জন্ম হৈছিল।
▶️১৮৪৯ চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী ৱাল্টাৰ হান্টৰ ছেফটী পিন আৱিষ্কাৰ।
▶️১৮৭৫ চনৰ এই দিনটোতেই হিন্দু ধৰ্মৰ অৰ্থে স্বামী দয়ানন্দ সৰস্বতীৰ বোম্বাইত আৰ্য সমাজ প্ৰতিষ্ঠা।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই বিশ্বত চলচ্চিত্ৰ শিল্পৰ অন্যতম প্ৰতিষ্ঠাপক ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ আগষ্ট লুমিয়েৰৰ মৃত্যু হৈছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই ভাৰতৰ বহুমুখী উপগ্ৰহ ‘ইনছাট-১এ’ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেপ কাৰ্নাভাৰেলৰ পৰা ভাৰতীয় সময়মতে দুপৰীয়া ১২:১৭ বজাত সফলতাৰে উৎক্ষেপণ। এইটো আছিল ভাৰতৰ জাতীয় উপগ্ৰহৰ প্ৰথম প্ৰজন্মৰ প্ৰথম উপগ্ৰহ। ইয়াৰ আয়ুসকাল ৭ বছৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও উৎক্ষেপণৰ মাত্ৰ ৫ মাহৰ ভিতৰতে ১৯৮২ চনৰ ৬ ছেপ্টেম্বৰত ‘ইনছাট-১এ’ বিকল হৈ পৰিছিল।
▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ মৃত্যু ঘটিছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ফ্ৰান্স গিয়েনাৰ পৰা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ‘ইনছাট-৩এ’ৰ সফল উৎক্ষেপণ।।

You might also like
Leave A Reply

Your email address will not be published.