ৰমজানৰ মাজতে মছজিদত ভয়ংকৰ ঘটনা

নেচনেল ডেস্ক

মজানৰ মাজতে মছজিদত ভয়ংকৰ ঘটনা । হাৰিয়ানাৰ চনিপত ৰমজানৰ মাজতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা । মছজিদত নামাজ আদায়ৰ সময়তে ১৫-৩০ জনিয়া এটা অস্ত্ৰধাৰি যুৱকৰ দলে নিৰ্বিচাৰ আক্ৰমণ চলাই উপস্থিত লোক সকলৰ ওপৰত। জানিব পৰা মতে দুৰ্বৃত্তৰ দলটোয়ে আনকি শিশু আৰু মহিলা সকলকো ৰেহাই নিদিলে। আক্ৰমণৰ ফলত নামাজ আদায় কৰিবলৈ যোৱা বহু লোক আহত হয়। ঘটনাৰ পাছতে আৰক্ষীৰ লোক উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ চিকিত্‍সালয়ত ভৰ্তি কৰায়। মছজিদৰ ইমাম গৰাকীৰ অভিযোগ মতে উদণ্ড যুৱকৰ দলটোয়ে কোনো কাৰণ নোহোৱাকৈ আক্ৰমণ কৰিছিল নামাজ আদায় কৰিবলৈ অহা লোক সকলৰ ওপৰত।।

You might also like
Leave A Reply

Your email address will not be published.