আজি আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।
১৯১২ চনৰ আজিৰ দিনটোতেই বিলাসবহুল জাহাজ ‘টাইটানিক’ ডুবি ১,৫১৩ গৰাকী যাত্ৰীৰ শোকাৱহ মৃত্যু ঘটিছিল।
১৪৫২ চনৰ আজিৰ দিনটোতেই ইটালীৰ শিল্পী,বিজ্ঞানী লিঅ’নাৰ্ডো ডা-ভিন্সিৰ জন্ম হৈছিল।
১৪৬৯ চনৰ এই দিনটোতেই শিখ ধৰ্ম প্ৰচাৰক গুৰুনানকৰ জন্ম হৈছিল।
১৮৬৫ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ গুলীবিদ্ধ হৈ মৃত্যু ঘটিছিল।
১৯৪৮ চনৰ এই দিনটোতেই হিমাচল প্ৰদেশ গঠন।
১৯৮০ চনৰ এই দিনটোতেই ফৰাচী লেখক জাঁ-পল ছাত্ৰেৰ মৃত্যু হৈছিল।
১৯৮৪ চনৰ এই দিনটোতেই শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰ পৰা শিশু আলোচনী ‘মৌচাক’ৰ প্ৰকাশ।
১৯৮৪ চনৰ আজিৰ দিনটোতেই ভীষ্ম নাৰায়ণ সিং অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল। ১৯৮৯ চনৰ ১০ মে’ পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৯৪ চনৰ আজিৰ দিনটোতেই আঠ বছৰৰ আলোচনাৰ অন্তত বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ গেট(GATT) চুক্তিত সন্মতি প্ৰদান।
১৯৯৮ চনৰ আজিৰ দিনটোতেই ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং নৰনাৰায়ণ সেঁতু মুকলি।এই পথ-ৰে’ল দলংখনৰ দৈৰ্ঘ্য ২.৩ কিলোমিটাৰ।।