ASSAM | Celebrating Constitution Day: অধিবক্তা পৰিষদ অসম প্ৰান্তৰ উদ্যোগত সংবিধান দিৱস পালন

Constitution Day celebrated by Bar Council Assam Branch

অধিবক্তা পৰিষদ অসম প্ৰান্তৰ উদ্যোগত সংবিধান দিৱস পালন

গুৱাহাটী : আজি অধিবক্তা পৰিষদ অসম প্ৰান্ত আৰু অধিবক্তা পৰিষদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোটৰ উদ্যোগত “সংবিধান দিৱস” লগত সংগতি ৰাখি গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত ” The Constitution of India – Idea and It’s Development” শীৰ্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰে।

আলোচনা চক্ৰৰ আৰম্ভণিৰতে ভাৰত মাতা পূজন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অধিবক্তা পৰিষদৰ ক্ষেত্ৰ সংযোজক সুভাষ কায়েল দেৱে। জয়শ্ৰী বৈশ্যই আঁতধৰা উক্ত আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকে প্ৰাক্তন জিলা আৰু সত্ৰ ন্যায়াধীশ তথা বৰ্তমানৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: থানেশ্বৰ কলিতা। আলোচনা চক্ৰৰ আদৰণি পাঠ কৰে অধিবক্তা পৰিষদৰ সাংগঠনিক উপসভাপতি বংকিম শৰ্মাই।

ড: থানেশ্বৰ কলিতা দেৱে আলোচনাত অংশ লৈ কয় যে সৰ্বোচ্চ আইনে প্ৰধানমন্ত্ৰী ইন্দৰা গান্ধীক আইন প্ৰণয়ন কৰিবলৈ বাধা দিয়া স্বত্বেও ৪২ তম সংশোধনী আইন আনিছিল । প্ৰায় ১ শতাধিক অধিবক্তাই অংশগ্ৰহণ কৰা উক্ত আলোচনা চক্ৰত Deputy Solicitor of India ৰঞ্জিত কুমাৰ দেৱচৌধুৰী , অতিৰিক্ত মহাধিবক্তা কুমূদ কোঁৱৰ, অধিবক্তা পৰিষদৰ ক্ষেত্ৰ সংযোজক সুভাষ কায়েল আৰু আন আন গণ্য মান্য লোক উপস্থিত থাকে। আলোচনাৰ শেষত গিৰিণ পেগু দেৱে শলাগৰ শৰাই আগবঢ়াই অসমৰ জাতীয় সংগতি পৰিবেশ কৰি সমাপ্তি কৰে ।

 

You might also like
Leave A Reply

Your email address will not be published.