নেচনেল ডেস্ক,এন ই ভাৰত
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIৰ সঞ্চালক পদত অধিষ্ঠিত হ’ল জ্যেষ্ঠ IPS বিষয়া সুবোধ কুমাৰ জয়চৱাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ নিযুক্তি কমিটিয়ে তিনি গৰাকী শীৰ্ষ বিষয়াৰ মাজৰ পৰা CBIৰ পৰৱৰ্তী সঞ্চালক ৰূপে চূড়ান্ত কৰে CISFৰ সঞ্চালক প্ৰধান জয়চৱালৰ নাম।তালিকাত থকা আন দুজন শীৰ্ষ বিষয়া আছিল SSBৰ সঞ্চালক প্ৰধান ৰমেশ চন্দ্ৰা আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ বিভাগৰ বিশেষ সচিব ভি এচ কে কৌমুদী।
CBIৰ মুৰব্বীৰ পদত অধিষ্ঠিত ৫৯ বছৰীয়া সুবোধ কুমাৰ জয়চৱাল ১৯৮৫ বৰ্ষৰ মহাৰাষ্ট্ৰ কেডাৰৰ IPS বিষয়া।।