কলিয়াবৰত ভয়ংকৰ বান পৰিস্থিতি

কলঙৰ বাঢ়নী পানীত বুৰিল ন ন অঞ্চল

কলিয়াবৰ হাতিমুৰা মাথাউৰী চিঙাৰ ফলত প্লাবিত হৈছে নৈপৰীয়া ভিন্ন অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ উফন্দী উঠিছে কলং নৈৰ জলস্তৰ। কলং নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰি তুলিছে ন ন অঞ্চল। ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত। কলং নৈৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে কলিয়াবৰৰ হাতিমুৰা,জখলাবন্ধা, সৰুভগীয়া, মিছা, পানিগাঁৱৰ সমান্তৰালভাৱে কলং পৰিয়া বৰ-বালিটোপ গাঁৱৰ ভিন্ন অঞ্চল । গাঁওখনলৈ যোৱা একমাত্ৰ পথটিৰ ওপৰেৰে পানী বাগৰাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। ইফালে বানত বুৰ গৈছে কৃষিভূমি। নষ্ট হৈছে পটল, ভাত-কেৰেলাকে ধৰি বিঘাই বিঘাই শাক-পাচলিৰ খেতি।

You might also like
Leave A Reply

Your email address will not be published.