G20ৰ বৈঠকত ভাৰতৰ বিদেশ মন্ত্ৰী

ইন্টাৰনেচনেল ডেস্ক, এন ই ভাৰত


ভাৰতৰ বিদেশ মন্ত্ৰী ড০ এচ জয়শংকৰৰ G-20 ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰী সকলৰ তিনিদিনীয়া বৈঠকত অংশ গ্ৰহণ। বৈঠকত G-20 ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰী সকলে বহুপাক্ষিক আৰু শাসন ব্যৱস্থা, আফ্ৰিকা, খাদ্য সুৰক্ষা আৰু মানৱীয় সাহাৰ্য আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰে। এই প্ৰতিকুল সময়তো বিশ্বই অৰ্থনৈতিক পুনৰুদ্ধাৰ, খাদ্যসুৰক্ষা, জলবায়ু সম্পৰ্কীয় ব্যৱস্থা, ভেকচিন উৎপাদন তথা ডিজিটেল সেৱা আদি বিষয়ৰ ওপৰত ভাৰতৰ প্ৰাসংগিকতাক স্বীকৃতি দিয়া বুলি নিজৰ টুইটাৰ যোগে প্ৰকাশ কৰে বিদেশ মন্ত্ৰী গৰাকীয়ে।
লগতে, G-20 ৰাষ্ট্ৰগোষ্ঠীৰ ১৪ গৰাকী বিদেশমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৫ গৰাকী প্ৰধানৰ সৈতেও মত বিনিময় কৰে ড০ এচ জয়শংকৰে।

You might also like
Leave A Reply

Your email address will not be published.