গুৱাহাটী, ১৪ মার্চ ২০২৬ঃ “চাহ বাগিচাৰ বহুজাতিক মালিক কৰ্তৃপক্ষৰ সৈতে বুজাবুজি কৰি কংগ্রেছ দলে শ্রমিকসকলক শোষণ-নির্যাতন চলোৱাৰ লগতে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ ১৫ বছৰীয়া কাৰ্যকালত ১০ বাৰতকৈও বেছি চাহ বাগিচাৰ মালিকসকলৰ সৈতে কলকাতাৰ পঞ্চ তাৰকা যুক্ত হোটেল আইটিচি সোনাৰ বাংলা, হোটেল পিয়াৰলেচ আদিত গোপন বৈঠক কৰি লেনদেন কৰাৰ কথা সেই সময়ত বাতৰি কাকতত প্রকাশ পাইছিল। মালিক পক্ষৰ লগত থকা মিতিৰালিৰ বাবেই কংগ্ৰেছ দলে কেতিয়াও শ্রমিকৰ সমস্যা সমাধান কৰাৰ প্ৰয়াস নকৰিলে।

ইয়াৰ বিপৰীতে কপালৰ ঘাম মাটিত পেলাই অসমৰ স্বাভিমান ‘সেউজীয়া সোণ’ নামেৰে খ্যাত চাহৰ খনিকৰ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে। এই পদক্ষেপে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ গতি নিশ্চিতভাৱে সলনি কৰি দিব।”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।
দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত মুখপাত্র প্রাঞ্জল কলিতাৰ সৈতে সংবাদমেল সম্বোধন কৰি শৰ্মাই লগতে কয় যে কংগ্ৰেছ দলৰ মূল দর্শন হ’ল শোষণ নিস্পেষণ। ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ চিন্তা হ’ল সমাজৰ সৰ্বস্তৰৰ লোকৰ উত্থান ঘটাই ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিয়োজিত কৰা।
সেয়েহে দেশৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰমিকৰ চৰণত সেৱা জনাই মাটিৰ পট্টা প্ৰদানৰ শুভাৰম্ভণি কৰে আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাই নিজ দলৰে কাৰ্যকৰ্তাক চেলফি উঠাৰ অনুমতি নিদিয়ে। কংগ্ৰেছ আৰু বিজেপিৰ এয়াই পাৰ্থক্য বুলি শৰ্মাই উল্লেখ কৰে।
আনহাতে, কংগ্ৰেছ দলৰ নেতৃত্বত মৰ্চা গঠনৰ বাবে চলি থকা কুচকাৱাজক ঘোলা কণীত ওমণি দিয়া সদৃশ বুলি বর্ণনা কৰে। ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই। কংগ্রেছ দলে সহযোগী দলক কেতিয়াও প্রয়োজনীয় সন্মান দিয়াৰ কোনো নজিৰ নাই।
এই দলটোৱে সহযোগী সকলক কেৱল ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি সময়ত দলনিত পেলাই দিয়ে। অখিল গগৈ ইয়াৰ উৎকৃষ্ট উদাহৰণ। এনে উদাহৰণ ৰাষ্ট্ৰীয় পর্যায়তো দেখা যায়। সেয়েহে কংগ্রেছ দলে কেতিয়াও সন্মানজনক স্থিতিত মিত্ৰতা কৰাৰ কোনো উদাহৰণেই নাই বুলি শৰ্মাই মত পোষণ কৰে।