পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত মৃত্যুবৰণ কৰা উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ শুভম দ্বিবেদীৰ বাসগৃহলৈ গৈ আজি ৰাজ্য চৰকাৰ তথা অসমবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন, ন্যায়িক,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উল্লেখযোগ্য যে পেহেলগামত যোৱা২২এপ্ৰিলত সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা আটাকেইগৰাকী ব্যাক্তিলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অসম কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি মুখ্য মন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী দাসে আজি উত্তৰ প্ৰদেশৰ কানপুৰৰ শ্যাম নগৰস্থিত প্ৰয়াত শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক ৰাজ্য চৰকাৰৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে মুখ্য মন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা প্ৰেৰণ কৰা এটা শোকবাণী পৰিয়ালক অৰ্পণ কৰাৰ লগতে ৰাজ্য চৰকাৰে আগবঢ়োৱা ৫লাখ টকাৰ এখন চেক প্ৰদান কৰে। মন্ত্ৰী দাসে প্ৰয়াত শুভম দ্বিবেদীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণেৰে শ্ৰদ্ধা তৰ্পণ কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলক একোখনকৈ গামোচাৰে সন্মান জনায়।
প্ৰয়াত শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাতৰ সময়ত ৰাজ্য চৰকাৰৰ প্ৰধান সচিব দিবাকৰ নাথ মিশ্ৰও উপস্থিত থাকে।