জাগুনত নিৰুদ্দেশ এগৰাকী মহিলা

প্ৰায় ১৭ দিন ধৰি নিৰুদ্দেশ মহিলাগৰাকী

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগুনৰ বজাৰৰ সঞ্জীৱ সিংৰ পত্নী উমা বচেল সিং নামৰ মহিলা গৰাকী যোৱা সোতৰটা দিন ধৰি নিৰুদ্দেশৰ হৈ থকা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,মহিলা গৰাকী ১৬ জুলাইৰ পৰা নিজ বাস গৃহৰ পৰাই নিৰুদ্দেশ হৈ আছে । মহিলা গৰাকীৰ স্বামীয়ে জাগুন আৰক্ষী চকীত এজাহাৰ দিয়াৰ লগতে নিজেও বিভিন্ন ঠাইত বিচাৰি আছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।স্বামী গৰাকীয়ে জনোৱা মতে তেওলোকৰ একমাত্ৰ ১২ বছৰীয়া পুত্ৰ সন্তানটি শোকত ভাগি পৰিছে লগতে মাকক উভতি আহিবলৈ আহ্বান জনায়। যদি কোনো লোকে সম্ভেদ পায় তেন্তে 8751852862 নাইবা 9101776093 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

You might also like
Leave A Reply

Your email address will not be published.