NIAৰ জালত পাক-সন্ত্ৰাসবাদীৰ ইনফৰ্মাৰ!

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকা পাকিস্তানী সংগঠন জয়ছ-ই-মহম্মদৰ সদস্যক আটক ‘নিয়া’ৰ। আজি দিনৰ ভাগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আটক কৰে কুপৱাৰাৰ মহম্মদ উবৈদ মালিক নামৰ সন্ত্ৰাসবাদীটোক। সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সৈতে সংযোগত থকাৰ লগতে সংগঠনটোক ভাৰতীয় সেনা আৰু নিৰাপত্তাৰক্ষীৰ চলাচলৰ বিষয়ে সকলো গোপন তথ্য যোগান ধৰাৰ অভিযোগ মহম্মদ উবৈদ মালিকৰ বিৰুদ্ধে।

তদন্তকাৰী সংস্থাটোৱে কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদী কাৰ্যকলাপ আগুৱাই নিয়াত মালিক জড়িত থকা বহুটো তথ্য প্ৰমাণ উদ্ধাৰ কৰে। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ জৰিয়তে ভাৰতক অস্থিৰ কৰি তুলিবলৈ সীমান্তৰ সিপাৰে পাক- সংগঠনে ৰচনা কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে NIAই চলোৱা অভিযানত জালত পৰে মহম্মদ উবৈদ মালিক।।

You might also like
Leave A Reply

Your email address will not be published.