OILক সকিয়াই পৰেশ বৰুৱাৰ বিবৃতি

অইল ইণ্ডিয়া লিমিটেডক পুনৰ সকিয়নি প্ৰদান কৰিলে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। অইলে কেৱল অসমৰ তিনিচুকীয়া,ডিব্ৰুগড়,চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ লগতে অৰুণাচলৰ চাংলাং জিলাৰ প্ৰাৰ্থীৰ বাবেহে চাকৰিত মকৰলৰ বাবে দিয়া জাননীৰ তীব্ৰ বিৰোধ পৰেশ বৰুৱাৰ। এক বিবৃতিত আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীয়ে অসমৰ প্ৰাকৃতিক সম্পদ সমূহৰ প্ৰকৃত অধিকাৰী এই অঞ্চলৰ থলগিৰি জনগণ বুলি উল্লেখ কৰি কয় যে অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰতিষ্ঠিত উদ্যোগ,প্ৰতিষ্ঠান সমূহত চাকৰিৰ অধিকাৰ সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী থলগিৰি নিবনুৱাৰ আছে।তেনেস্থলত কেৱল ৪ খন জিলাৰ বিপৰীতে আৰ্থিক দৈন্যতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ প্ৰকৃত যোগ্য চাকৰিৰ প্ৰয়োজনীয় প্ৰাৰ্থীক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ অইল কতৃপক্ষক সকিয়াই দিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.