তামুলপুৰত ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ প্ৰস্তুতি

তামুলপুৰত ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ প্ৰস্তুতি

তামুলপুৰ, ১৯ ফেব্ৰুৱাৰী, ২০২৬ : সমাগত বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে আৰু সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত ভাৰতীয় নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ অনুসাৰে, তামুলপুৰ জিলাৰ অন্তৰ্গত ইভিএম আৰু ভিভিপেটসমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ কাৰ্যসূচী। এই কাৰ্যসূচী তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিত ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখৰ পৰা ২৪ তাৰিখলৈ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত কৰা হ’ব। এই সময়ছোৱাত ইভিএম আৰু ভিভিপেটসমূহৰ শাৰীৰিক পৰীক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুৰণি তথ্য মচি পেলোৱা, কাৰ্যক্ষমতা পৰীক্ষা আৰু মক প’ল সম্পাদন কৰা হ’ব।

 

ADVERTISEMENT

 

ইলেক্ট্ৰ’নিক্স কৰ্প’ৰেছন অৱ ইণ্ডিয়া লিমিটেড, হায়দৰাবাদৰ পৰা নিযুক্ত ইঞ্জিনীয়াৰসকলে যান্ত্ৰিক পৰীক্ষা সম্পাদন কৰিব আৰু সুস্থভাৱে কাৰ্যক্ষমতা নিশ্চিত কৰাৰ বাবে দক্ষ কৰ্মচাৰী নিয়োগ কৰা হ’ব। তামুলপুৰ জিলাত পৰীক্ষা কৰিবলগীয়া যন্ত্ৰসমূহ এনেধৰণৰ— বেলট ইউনিট ৬৬০টা, কণ্ট্ৰ’ল ইউনিট ৯০০টা আৰু ভিভিপেট ৭৫০টা। এই প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন কৰা হ’ব, যাতে প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত হয়। তদুপৰি, সমগ্ৰ প্ৰক্ৰিয়াটো ভাৰতীয় নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচনী বিষয়া, অসমৰ কাৰ্যালয়ৰ তত্ত্বাৱধানত ৱেবকাষ্টিংযোগে পৰ্যৱেক্ষণ কৰা হ’ব। পৰীক্ষণ কক্ষত প্ৰৱেশ ভাৰতীয় নিৰ্বাচন আয়োগৰ বিধি-নিয়ম অনুসৰি কঠোৰভাৱে নিয়ন্ত্ৰিত থাকিব। উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ এই পৰীক্ষণ ব্যৱস্থা হৈছে নিৰ্বাচনসমূহ সুকলমে, নিকা, মুক্ত আৰু নিৰপেক্ষভাৱে সম্পাদন নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক ব্যৱস্থা। প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত ইভিএম আৰু ভিভিপেটসমূহ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত যথাযথ সুৰক্ষা আৰু নিৰীক্ষণত সংৰক্ষণ কৰা হ’ব। তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰণ, আই এ এছ স্বাক্ষৰিত এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.