গুৱাহাটী, ১৪ মাৰ্চ : অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৬] ৰ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ হাইভল্টেজ মেচখনৰ টিকট কাইলৈ অৰ্থাৎ ১৫ মাৰ্চৰ পৰা দৰ্শকে অনলাইনযোগে ক্ৰয় কৰিব পাৰিব ৷ কাইলৈ দুপৰীয়া দুই বজাৰ পৰা ছয় বজালৈ প্ৰথম চাৰি ঘণ্টাত ইতিমধ্যে নিজৰ নাম পঞ্জিয়ন কৰি থোৱা দৰ্শকসকলে প্ৰথমে টিকট ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব ৷ আনহাতে, বিয়লি ছয় বজাৰ পৰা সকলো ক্ৰীড়াপ্ৰেমীৰ বাবে টিকট ক্ৰয়ৰ এপ মুকলি হ’ব ৷
উল্লেখ্য যে এইবাৰ দৰ্শকৰ সুবিধাৰ বাবে ৰাজস্থান ৰয়েলছে প্ৰথমবাৰৰ বাবে ডিজিটেল মোবাইল টিকেটিং ব্যৱস্থা আৰম্ভ কৰিছে৷ এই সুবিধা ল’বৰ বাবে দৰ্শকে একমাত্ৰ ডিষ্টিক্ট-জ’মাটো এপৰ সহায় ল’ব লাগিব ৷ এপ ষ্ট’ৰ বা গুগুল প্লে ষ্ট’ৰ পৰা ডিষ্টিক্ট-জ’মাটো এপটো ডাউনলট কৰি অতি সহজে নিজৰ পছন্দৰ টিকটতো ম’মাইল ফোনতে ক্ৰয় কৰিব পাৰিব ৷
অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলিব৷ সেই অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ আনহাতে, অহা সাত এপ্ৰিলত এ চি এ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব পাচবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ ইফালে, বিগত আই পি এলৰ চেম্পিয়ন আৰ চি বিয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’বলগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব ৷
অৱশ্যে এপ্ৰিলত হ’বলগা মেচ দুখনৰ টিকট কিন্তু কাইকৈ দৰ্শকে নাপাব ৷ উভয় মেচৰ টিকট পৰবৰ্তী সময়ত নিৰ্ধাৰণ কৰা দিনতহে ক্ৰয় কৰিব পাৰিব ৷ স্মৰ্তব্য যে যোৱাবছৰ আৰ আৰ-চি এছ কে মেচখন দৰ্শকৰ সংখ্যাৰে গুৱাহাটীত এতিয়ালৈকে হোৱা শ্ৰেষ্ঠ খেল আছিল ৷ ৰাজস্থান ৰয়েলছৰ সমৰ্থকৰ লগতে ধোনীৰ অনুৰাগী এইবাৰো সাজু হৈ গুৱাহাটীৰ প্ৰথম আই পি এল মেচখনৰ বাবে৷ ইফালে, প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ খেলিব আহিব ৰোহিত শৰ্মাৰ দল মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলিৰ দল আৰ চি বি ৷ তিনিওখন মেচক লৈ দৰ্শকৰ উন্মাদনা ইতিমধ্যে তুংগত উঠিছে ৷