ASSAM | Rajiv Bhawan Asom Divas 2025: ৰাজীৱ ভৱনত অসম দিৱস পালন

ৰাজীৱ ভৱনত অসম দিৱস পালন

গুৱাহাটী: ১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোণত পাটকাই পাৰ হৈ অসমত প্ৰৱেশ কৰা চাওলুং চ্যুকাফাক স্মৰণ কৰি আজি সমগ্ৰ অসমৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো অসম দিৱস পালন কৰা হয়অনেক্যৰ মাজত ঐক্য আৰু বৈচিত্ৰ্যতাৰ মাজত স্বকীয় সৌন্দৰ্য বজাই ৰাখি অসমৰ সৰু-বৰ জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসম গঢ়ি তোলা চাওলুং চ্যুকাফাৰ প্ৰতি আজি ৰাজীৱ ভৱনত বন্তি প্ৰজ্বলনৰে স্মৰণ কৰে নিখিল ভাৰত কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অসমৰ সমন্বয়ক অনিকা মেহৰোত্ৰাই

চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি নিখিল ভাৰত কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে এইগৰাকী মহান পুৰুষক শ্ৰদ্ধা জনাবলৈ তেওঁ অসমলৈ আহিবলৈ পাই গৌৰৱান্বিত হৈ পৰা বুলি উল্লেখ কৰে। সকলো ধৰ্মাৱলম্বী লোকক সন্মান প্ৰদৰ্শন কৰি জাতি-জনগোষ্ঠীৰ সমবিকাশৰ বাবে চ্যুকাফাই যি বৰ অসম গঢ়িছিল সেয়া বিশ্বৰ ইতিহাসত বিৰল বুলি উল্লেখ কৰি মেহোত্ৰাই কয় যে চ্যুকাফাৰ আদৰ্শৰে চলিলে দেশত শান্তি-সম্প্ৰীতি অব্যাহত থাকিব।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উদিত ভানু দাস, ৰৌছন ছেত্ৰী, সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা গোপাল শৰ্মা, ভৱ বৰা, ৰূপক দাস, বনশ্ৰী গগৈ, তাজদিকা পাৰবিন, বিক্ৰম গগৈ প্ৰমুখ্যে নেতা-কৰ্মী উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাই।

You might also like
Leave A Reply

Your email address will not be published.