ধেমাজি-লখিমপুৰত ৰাজহ-দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত

ধেমাজি-লখিমপুৰত ৰাজহ-দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত

ধেমাজি, লখিমপুৰ, ২৫ মে’ : আসন্ন বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি উজনি অসমৰ তিনিখন জিলাত আগতীয়া বান প্ৰস্তুতিৰ সবিশেষ বুজ লয়। বিভাগীয় মন্ত্ৰীগৰাকীয়ে শণিবাৰে ধেমাজি, মাজুলী আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈ তিনিওখন জিলাত আসন্ন বাৰিষাৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো বান পৰিস্থিতি চম্ভালি ৰাইজক সকাহ দিব পৰাকৈ জিলা প্ৰশাসনে কৰা আগতীয়া প্ৰস্ততিৰ বিতং পৰ্যালোচনা কৰে। ৰাজহ মন্ত্ৰীগৰাকীয়ে আগবেলা ধেমাজিৰ জিলা আয়ুক্ত কাৰ্যালয়ত ধেমাজি আৰু মাজুলী জিলা আৰু বিয়লি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত লখিমপুৰ জিলাত আগতীয়া বান প্ৰস্ততি সন্দৰ্ভত সংশ্লিষ্ট জিলা প্ৰশাসনৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ডিডিএমএ), বিভিন্ন বিভাগৰ বিষয়াবৰ্গ, এনডিআৰএফ-এছডিআৰএফ আৰু এনএইচপিচি-নীপকোৰ জ্যেষ্ঠ কাৰ্যবাহীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। আগবেলা ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জোনাইৰ বিধায়ক ভূৱন পেগু, ধেমাজি আৰু মাজুলীৰ জিলা আয়ুক্তদ্বয় ক্ৰমে ৰাহুল সুৰেশ জাৱীৰ আৰু ৰাতুল চন্দ্ৰ পাঠক, ধেমাজীৰ আৰক্ষী অধীক্ষকৰ হিতেশ চন্দ্ৰ ৰায়, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগৰ লগতে কেউটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ডিডিএমএ), এনডিআৰএফ, এছডিআৰএফ আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ অংশগ্ৰহণেৰে প্ৰায় ২ ঘণ্টা ধৰি চলে প্ৰথমখন পৰ্যালোচনা বৈঠক। বিয়লি লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত দ্বিতীয়খন বান প্ৰস্ততি পৰ্যালোচনা সভাত লখিমপুৰৰ বিধায়ক মান ডেকা, বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, লখিমপুৰৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, ঢকুৱাখনাৰ সমজিলা আয়ুক্ত কাৰ্তিক কলিতাৰ লগতে জিলাখনৰ সাতটা ৰাজহ চক্ৰ লখিমপুৰ, নাৰায়নপুৰ, বিহপুৰীয়া, নাওবৈচা, কদম, সোৱনশিৰি আৰু ঢকুৱাখনাৰ চক্ৰ বিষয়াসকল, ডিডিএমএৰ জিলা প্ৰকল্প বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, এনএইচপিচিৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্প আৰু নীপকোৰ পাৰে প্ৰকল্প সঞ্চালকদ্বয়ো উপস্থিত থাকে। দুয়োখন বৈঠকতে বিভাগীয় মন্ত্ৰীগৰাকীয়ে জিলাকেইখনত সম্ভাৱ্য বান পৰিস্থিতি সুনিয়াৰিকৈ মোকাবিলাৰ বাবে জিলা পৰ্যায় আৰু ৰাজহ চক্ৰ পৰ্যায়ত কৰা আগতীয়া পৰিকল্পনা-প্ৰস্তুতিৰ উপৰি প্ৰতিখন ৰাজহ গাঁও-এনচি গাঁৱৰ বাবেও প্ৰয়োজন অনুসাৰে ক্ষিপ্ৰতাৰে উদ্ধাৰ-সাহাৰ্য অভিযান চলাব পৰাকৈ সুকীয়াকৈ কাৰ্য-পৰিকল্পনা প্ৰস্তুতিৰ লগতে বিষয়া-কৰ্মচাৰীৰ দল সাজু ৰখাত গুৰুত্ব দিয়ে। বান সাহাৰ্য শিবিৰত চৰকাৰী সকলো নিয়ম কঠোৰ ভাৱে মানি চলিবলৈ তেওঁ সকলোকে সোঁৱৰাই দিয়ে। বান ক্ষতিগ্ৰস্ত লোকে সাহাৰ্য শিবিৰলৈ অহাৰ পাছত এটা বেলাৰ বাবেও ভোকত যাতে থাকিব লগা নহয়, সেয়া সুনিশ্চিত কৰিবলৈ শিবিৰত সোমোৱাৰ পাছতে প্ৰথমেই তেওঁলোকক খোৱাৰ ব্যৱস্থা উপলব্ধ কৰাবলৈ মন্ত্ৰী মহন্তই দিহা দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ লগতে কৃষি, মীন, পশুপালন, ৰেচন আৰু বয়ন আদি বিভাগসমূহক আগন্তুক এসপ্তাহৰ ভিতৰতে জিলা কেইখনৰ বান আশংকাপ্ৰবণ অঞ্চলসমূহ ভ্ৰমণ কৰি কৃষিক্ষেত্ৰ, পশুধন, মীনক্ষেত্ৰ আদিৰ সম্পূৰ্ণ তথ্য সাজু ৰাখিবলৈও নিৰ্দেশ দিয়ে। আগতীয়াকৈ এইবিষয়ক তথ্য-পাতি নাৰাখিলে বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে বানপানীৰ সময়ত এনে জৰীপ কৰোতে অসুবিধাত পৰিব লগা হয় বুলিও তেওঁ বৈঠকত বিভাগসমূহক সোঁৱৰাই দিয়ে। দুয়োখন বৈঠকত যোৱা বছৰৰ বানত বিচ্ছিন্ন হোৱা মঠাউৰিৰ অংশসমূহৰ পুনৰ্নিমাণ ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তাই মন্ত্ৰীগৰাকীক অৱগত কৰে। মন্ত্ৰী মহন্তই তিনিওখন জিলাৰ এপিডিচিএল বিষয়াক এইবাৰৰ বাৰিষাত যাতে ক’তো কোনো ট্ৰেন্সফৰ্মাৰ পানীত ডুব নাযায় আৰু বানপানীৰ সময়ত কোনো লোকেই যাতে বিদ্যুৎজনিত বিপদত নপৰে, সেয়া সুনিশ্চিত কৰিবলৈ আগতীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, কাইলৈ ৰাজহ মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ আৰু শোণিতপুৰ জিলালৈ গৈ দুয়োখন জিলাৰ বানপৰিস্থিতিৰ পৰ্যালোচনা কৰিব।

ধেমাজি, লখিমপুৰ জিলাত মিছন বসুন্ধৰা ৩.০ৰ অগ্ৰগতিও পৰ্যালোচনা ৰাজহ মন্ত্ৰীৰ

ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি ধেমাজি আৰু লখিমপুৰ জিলা ভ্ৰমণকালত দুয়োখন জিলাত মিছন বসুন্ধৰা ৩.০ৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জোনাইৰ বিধায়ক ভূৱন পেগুৰ উপস্থিতিত জিলা আয়ুক্ত, জোনাই সমজিলা আয়ুক্তৰ লগতে জিলাখনৰ চাৰিওটা ৰাজহ চক্ৰ ধেমাজি, গোগামুখ, জোনাই আৰু চিতিবৰগাঁৱৰ চক্ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ মিছন বসুন্ধৰাৰ কাৰ্যৰূপায়ণৰ সবিশেষ খতিয়ান লয়। একেদৰে, সন্ধিয়া লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত লখিমপুৰ আৰু বিহপুৰীয়াৰ বিধায়কদ্বয় মানৱ ডেকা, অমিয় কুমাৰ ভূঞা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠীৰ উপস্থিতিত হোৱা আন এখন বৈঠকত লখিমপুৰৰ জিলা আয়ুক্ত, ঢকুৱাখনাৰ সমজিলা আয়ুক্ত আৰু জিলাখনৰ সাতগৰাকী ৰাজহ চক্ৰ বিষয়াৰ পৰা মিছন বসুন্ধৰা ৩.০ৰ অধীনত শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়, ৰাজহুৱা অনুষ্ঠান, উপাসনাথলীৰ মাটিৰ আবেদন, চৰকাৰী খাছ মাটি, ভিজিআৰ-পিজিআৰ ভূমি, গ্ৰামদান ভূমি, উত্তৰাধিকাৰীৰ নাম উঠোৱা আদিৰ ক্ষেত্ৰত দাখিল কৰা আবেদনসমূহ নিস্পতিৰ অগ্ৰগতিৰ লগতে বন্দোৱস্তি পঞ্জীয়ন, মাটিৰ শ্ৰেণী পৰিবৰ্তন, ভূমি আৱণ্টন পত্ৰক ম্যাদী পট্টালৈ পৰিৱৰ্তন আদি ৰাজহ বিভাগৰ গুৰুত্বপূৰ্ণ কামকাজসমূহৰো বিতং ভাৱে পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। মিছন বসুন্ধৰা ৩.০ৰ ক্ষেত্ৰত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা অনুসৰি সকলো অৱশিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ ৰাজহ মন্ত্ৰী মহন্ত আৰু বিভাগীয় প্ৰধান সচিব ত্ৰিপাঠীয়ে বৈঠকত জিলা আয়ুক্ত, সমজিলা আয়ুক্ত আৰু চক্ৰ বিষয়াসকলক সস্তম কৰি দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.