স্বাধীনতা দিৱস উপলক্ষে ডিফুত স্বচ্ছ ভাৰত অভিযান

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ডিফুত স্বচ্ছ ভাৰত অভিযান। সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ বাবে ব্যাপক প্ৰস্ততি চলিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা ভাৰতীয় জনতা পাৰ্টি আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত সদৰ চহৰখনত ১৯৪৭ চনৰ ১৪ আগষ্টৰ দেশ বিভাজনৰ স্মৃতিত এক সমদল বাহিৰ কৰাৰ লগতে পাহাৰীয়া চহৰখনত স্বচ্ছ অভিযান চলোৱা হয়। উক্ত অভিযানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং, স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। দেশৰ অখণ্ডতা বজাই ৰাখিবলৈ সকলোৱে দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰি তুলিব লাগে বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

You might also like
Leave A Reply

Your email address will not be published.