বহৰি সত্ৰৰ অংশীদাৰ বাৰশ পৰিয়ালেই মাথো নহয়, ৰাজ্যখনৰ দূৰ-ওচৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন উপবাসী ভক্তৰ লক্ষ্যবিন্দু ‘সূর্যাস্ত’ৰ সময়ছোৱা। মহাপুৰুষ শ্রীশ্রী হৰিদেৱৰ তিৰোধান তিথিৰ আগনিশা গোন্ধসভা পালনেৰে গুৰুজনালৈ বহৰি সত্ৰবাসীয়ে শ্রদ্ধা আৰু ভক্তিৰ এক অনুপম পৰম্পৰা প্ৰৱৰ্তাই আহিছে। পূৰ্ব পৰম্পৰাগত ভাবেই কালিও বহৰি সত্ৰৰ চৌহদত এই বন্তি প্ৰজ্বলন কৰি হৰিগুৰুৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে।
এই গোন্ধসভাৰ দিনা, ঠিক সূর্যাস্তৰ আগে আগে সত্র চৌহদত সমবেত হয় হেজাৰ-বিজাৰ লোক। এই সমূহ ভক্তৰ হাতে হাতে মাটিৰ পৱিত্ৰ চাকিভর্তি খৰাহি, মিঠাতেল, ঘি ভর্তি পাত্র, কপাহী সূতাৰ দীঘল শলিতা। বেলি পৰি অহাৰ আগে আগে আহি সত্রবাসী ভক্ত সমবেত হয় নামঘৰৰ চোতালত। চাকি জ্বলোৱাৰ উদ্দেশ্য ভাগে ভাগে সাজু হয় ভিন ভিন স্থানত। ভক্তবৃন্দই ইতিমধ্যে গোন্ধসভাৰ আগনিশাই নিজৰ চাকি জ্বলোৱাৰ স্থানসমূহ নিৰ্বাচিত কৰি সজাই ৰাখিছে। গতিকে এই স্থান অনুসৰি অৱস্থান লয় প্রতিজন ভক্তই। লাহে লাহে নামি আহিব ধৰে সূর্যাস্ত। তেনে সময়তে তৎপৰ হৈ পৰে হেজাৰ হেজাৰ লোক। মাটিৰ চাকিত ভাগে ভাগে তেল অথবা ঘি ঢালি, শলিতা ডুবাই সাজু কৰি ৰাখে নিজৰ নিজৰ চাকিসমূহ। ক্ৰমশঃ নামি আহে সূর্যাস্ত। বেলি বুৰ যায়। পলকতে হৰিধ্বনিৰে মুখৰিত হৈ উঠে সত্ৰ চৌহদ। হৰি নাম ৰসে সিক্ত আৰু পুলকিত হৈ উঠা ভক্তবৃন্দৰ হাতৰ পৱিত্ৰ অগ্নিশিখাৰ স্পৰ্শত পলকতে জ্বলি উঠে হেজাৰ বিজাৰ চাকি। জলমল জলমল চাকি, কেৱল চাকি, নামঘৰৰ মণিকূটৰ বাহিৰ মজিয়া, মূল নামঘৰৰ মজিয়া, অক্ষয় বস্তি থকা মূল মন্দিৰৰ চৌকাষে পতা থাপনা-মুঠৰ ওপৰত সত্ৰ চৌহদৰ সৰ্বত্ৰ নিমিষতে জ্বলি উঠে অলেখ, অগণন চাকি। ক’ব পাৰি-হৰি ভক্ত বৈষ্ণৱে অভিনৱ পৰম্পৰাৰে যেন পাতিছে- দীপাৱলীতকৈও বেছি অভিনৱ, আৰু বেছি অভিনৱ দীপাৱলী। জাত জাত হৰিনাম ধ্বনিৰে চাকিবোৰ জ্বলাই সামৰি উপবাসী ভক্ত ঘৰমুৱা হোৱাৰ পিচত সত্ৰ চৌহদ পুনৰ ভিৰ বাঢ়ে। এইবেলি সূর্যাস্তৰ সময়ছোৱাতকৈও বেছি সমাগম হ’বলৈ লয় সত্র চৌহদত। কিয়নো প্রতিজন লোকেই নিজ নিজ পৰিয়ালৰ হৈ জ্বলোৱা চাকিত মূৰ দোঁৱাই সেৱা এটি নজনালে নহ’ব। গতিকে হেজাৰ লোকৰ ভিৰৰ মাজতে, বিৰদি বাট নোপোৱাৰ মাজতে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধার্ঘ নিবেদনৰ লগতে, পৰিয়াল আৰু সমাজৰ মংগল কামনা কৰাৰ লক্ষ্যৰে সমূহ সমবেত হয় সত্রত। ঠিক এই পৰম্পৰাৰেই মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ স্থাপিত বহৰি সত্ৰত বিগত চাৰিশ উনষাঠি বছৰে পালন কৰা হৈ আহিছে পৰম্পৰাগত গোন্ধসভা। মন কৰিবলগীয়া কথা যে গোন্ধসভাৰ চাকি প্রজ্বলনৰ এই অনুপম দৃশ্য চাবলৈ আৰু নিজেও জ্বলাবলৈকো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতি বছৰে অলেখ ভক্ত আহি সত্ৰ চৌহদ ভৰি পৰে। উল্লেখযোগ্য যে প্রতিজন সত্রবাসীয়ে গোন্ধসভাৰ দিনটোৰ পবিত্ৰতা ৰক্ষা কৰি উপবাসে থাকি সূর্যাস্তৰ লগে লগে জ্বলোৱা চাকিবোৰ পৰৱৰ্ত্তী সূর্যোদয়ৰ মূহূৰ্তলৈ জ্বলাই ৰখা চাকিবোৰ সামৰাৰ মাজৰ দীঘলীয়া সময়ছোৱাত প্রয়োজনবোধে প্ৰতিটো চাকিত অবিৰতভাৱে তেল-ঘি-শলিতা যোগাই থকা হয়। এনেদৰে এগৰাকী ধৰ্মগুৰুৰ প্ৰতি, তেওঁৰ ভক্তসকলে ওৰে নিশা হেজাৰ-বিজাৰ চাকি জ্বলাই শ্রদ্ধার্ঘ নিবেদন কৰাৰ এই অভিনৱ প্ৰয়াস অসম বা উত্তৰ-পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰতৰ অদ্বিতীয় বুলি বিবেচিত হৈ আহিছে।
গোন্ধ সভাৰ ৰাজহুৱা বন্তি প্ৰজ্বলনৰ পিছত আজি পুৱাৰ নিয়মীয়া প্ৰসঙ্গৰ লগে লগে গুৰুচৰিত পাঠ, গুৰুজনাৰ শ্ৰাদ্ধানুষ্ঠান, ব্ৰহ্মপুত্ৰত গুৰুজনাৰ পিণ্ডদান, ৰাজহুৱা নাম-প্ৰসঙ্গ হয়! দুপৰীয়া গোৱালপাৰা কৃষ্ণাইৰ শংকৰ-মাধৱ নাম দলৰ দ্বাৰা বীৰ নাম পৰিবেশন কৰা হয়!