আজি ২৫ জুলাই

২০০২ চনত এ পি জে আব্দুল কালাম ভাৰতৰ ৰাষ্ট্ৰপতি।

১৮৩৪ চনত ইংৰাজ ৰোমান্টিক কবি ছেমুৱেল টেইলৰ ক’লৰিজৰ মৃত্যু।

 

১৮৯৫ চনত বিজ্ঞানী মেৰী কুৰী আৰু পীয়েৰ কুৰীৰ বিবাহ।

 

১৯৬৩ চনত ব্রিটেইন, আমেৰিকা আৰু ছোভিয়েট যুক্তৰাষ্ট্ৰৰ মাজত পাৰমাণৱিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰিত।

 

১৯৭৭ চনত  নীলম সঞ্জীৱ ৰেড্ডী ভাৰতৰ ৰাষ্ট্ৰপতি। তেওঁ ১৯৮২ চনৰ ২৫ জুলাইলৈকে তেওঁ বাষ্ট্রপতি ৰূপে কার্যনির্বাহ কৰে।

 

১৯৮২ চনত গিয়ানী জাইল সিং ভাৰতৰ ৰাষ্ট্ৰপতি। ১৯৮৭ চনৰ ২৪ জুলাইলৈকে তেওঁ ভাৰতৰ বাষ্ট্রপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।

 

১৯৮৭ চনত ৰামস্বামী ভেংকটৰমণ ভাৰতৰ ৰাষ্ট্ৰপতি। ১৯৯২ চনৰ ২৪ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কার্যনির্বাহ কৰে।

 

১৯৯২ চনত বার্চিলোনাত অলিম্পিক ক্রীড়া সমাৰোহ। এই সমাৰোহ ৭ আগষ্টলৈকে চলে।

 

 

১৯৯২ চনত শংকৰ দয়াল শৰ্মা ভাৰতৰ ৰাষ্ট্ৰপতি। ১৯৯৭ চনৰ ২৪ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।

 

২০০০ চনত ভাৰতৰ মহিলা দৌৰবিদ পি টি ঊষাৰ আন্তর্জাতিক ক্রীড়াৰ পৰা অৱসৰ।

১৯৯৭ কে আৰ নাৰায়ণন ভাৰতৰ ৰাষ্ট্ৰপতি। ২০০২ চনৰ ২৫ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।

 

২০০২ চনত এ পি জে আব্দুল কালাম ভাৰতৰ ৰাষ্ট্ৰপতি। তেওঁ ২০০৭ চনৰ ২৪ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কার্যনির্বাহ কৰে।

 

২০০৭ চনত প্রতিভা পাটিলৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্রহণ। তেৱেঁই ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।

 

২০০৬ চনত চলচ্চিত্র নির্মাতা পদুম বৰুৱাৰ মৃত্যু।

 

১৯৯১ চনত  চলচ্চিত্র নির্মাতা নিপ বৰুৱাৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.