নলবাৰীৰ কাজিপাৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক-সাহিত্যিক ৰোহিনী মেধিৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰয়াত ৰোহিনী মেধিৰ সহধৰ্মিনী গিৰিজা মেধিয়ে প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে । প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰমাকান্ত মেধিয়ে। সভাৰ আৰম্ভণিতে সাংবাদিক নিপজ্যোতি মেধিৰ সম্পাদিত ‘পষেকীয়া আমাৰ বাতৰি’ কাকতখন উন্মোচন কৰে ‘দৈনিক জনমভূমি’ কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে ৷ কাৰ্যবাহী সম্পাদক ফুকনে মফচলীয় সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ কাৰণে ৰোহিনী মেধিয়ে সদায় মাত মাতিছিল বুলি উল্লেখ কৰে ।
ইফালে বিশিষ্ট শিক্ষাবিদ ড° ফণীধৰ তালুকদাৰে প্ৰয়াত ৰোহিনী মেধিৰ সৈতে থকা বন্ধুত্বৰ কথা সোঁৱৰণ কৰে। ‘অসমীয়া প্ৰতিদিন’ কাকতৰ উপ-সম্পাদক অঞ্জন কুমাৰ শৰ্মা স্মৃতিচাৰণ সভাখনত উপস্থিত থাকে ।
উক্ত অনুষ্ঠানতে বিশিষ্ট লেখিকা দিপীকা ফুকনৰ ‘মনৰ খৰিকাজাঁই’ নামৰ কাব্যসংকলনখনৰ বাবে ৰোহিনী মেধি সোঁৱৰণী বঁটা-২০২৪ প্ৰদান কৰা হয় । ‘নিয়মীয়া বাৰ্তা’ কাকতৰ উপ-সম্পাদক প্ৰদীপ কুমাৰ গগৈক ৰোহিনী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা – ২০২৪ প্ৰদান কৰা হয়।
অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ ডঃ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা , অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, ‘NE Bharat 24’ৰ আউটপুৰ এডিটৰ দিগন্ত কুমাৰ নাথ, ‘অসম নিউজ’ৰ পৰিচালন সঞ্চালক দেবী প্ৰসাদ অধিকাৰীকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
প্ৰয়াত সাংবাদিক-লেখক ৰোহিনী মেধিলৈ শ্ৰদ্ধাঞ্জলি
নৱম মৃত্যু বাৰ্ষিকীত নলবাৰীৰ কাজিপাৰাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like