প্ৰবীণ অভিনেত্ৰী আশা শৰ্মাৰ দেহাৱসান

প্ৰবীণ অভিনেত্ৰী আশা শৰ্মাৰ দেহাৱসান। ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীৰ। চিনেমা আৰু টেলিভিছনত মাতৃ আৰু আইতাকৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈছিল প্ৰবীণ অভিনেত্ৰীগৰাকী।

ধৰ্মেন্দ্ৰ আৰু হেমা মালিনী অভিনিত ছবি ‘ডো দিশায়ে’ত অভিনয় কৰি তেওঁ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ‘মুঝে কুচ্চ কেহনা হায়’, ‘প্যাৰ টো হোনা হি থা’, আৰু ‘হম তুমহাৰে হেইন ছানাম’ আদিকে ধৰি বহুতো উল্লেখযোগ্য ছবিত অভিনয় কৰিছিল আশা শৰ্মাই।

শেষবাৰৰ বাবে প্ৰভাস আৰু কৃতি ছাননৰ ছবি ‘আদিপুৰুষ’ত অভিনয় কৰিছিল প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে। ‘কুমকুম ভাগ্য’, ‘মন কী আৱাজ প্ৰতিজ্ঞা’ আৰু ‘এক ঔৰ মহাভাৰত’ৰ দৰে টিভি শ্ব’ত অংশগ্ৰহণ কৰিছিল অভিনেত্ৰী গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.