অনুষ্ঠিত হ’বনে IPL ?

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) -১৪ৰ আধৰুৱা খেলসমুহ পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বিচিচি আইৰ। ইতিমধ্যে, ব’ৰ্ডে জনপ্ৰিয় ক্ৰিকেট লীগ অনুষ্ঠিত কৰাৰ বাবে ঠিক কৰিছে তাৰিখ। চলিত বৰ্ষৰ ১৯-২০ চেপ্তেম্বৰৰ পৰা লীগৰ বাকী ৩১ খন মেচ UAE ত অনুষ্ঠিত কৰাৰ সম্ভৱনা আছে। ১০ অক্টোৱৰত আই পি এল-১৪ৰ ফাইনেল খেল অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে।
ইপিনে, আইপিএল টি-২০ৰ তাৰিখ ঠিক কৰিলেও বি চি চি আইৰ সন্মূখত এক প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে বিদেশী খেলুৱৈ সকল। ব’ৰ্ডে আয়োজন কৰিব বিচৰা সময়খিনিত গৰিষ্ঠসংখ্যক বিদেশী খেলুৱৈ নিজ নিজ দেশক প্ৰতিনিধিত্ব কৰি অন্যান্য লীগত ব্যস্ত থাকিব। ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ সকল ব্যস্ত থাকিব কেৰিবিয়ান ক্ৰিকেট লীগ (CPL) ত। এনে পৰিপ্ৰেক্ষিতত প্ৰথম অৱস্থাত IPLৰ অন্তিম খেলসমুহৰ আৰম্ভণিতে বিদেশী খেলুৱৈ সকলক দেখা নাযাবও পাৰে।
উল্লেখ্য যে , চলিত বৰ্ষৰ আইপিএল -১৪ ৰ প্ৰথম কেইখনমান মেচ অনুষ্ঠিত হোৱাৰ কেইদিনমান পিছতে ভাৰতত ক’ৰনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে একাধিক খেলুৱৈও ক’ৰনাত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আধাতে জনপ্ৰিয় টি-২০ লীগ সামৰিব লগীয়া হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.