IPLৰ পঞ্চমখন মেচত সমুখসমৰত MI আৰু GT

হাৰ্ডিকৰ ‘অতীতে’ যুঁজিব ‘বৰ্তমান’ৰ লগত

২২ মাৰ্চত আৰম্ভ হোৱা IPL 2024ৰ আজি তৃতীয়টো দিন। তৃতীয় দিনটোৰ প্ৰথমখন মেচ ইতিমধ্যে আৰম্ভ হৈছে জয়পুৰত। ৰাজস্থান ৰয়েলছ দলে প্ৰথমে বেটিং কৰি প্ৰতিদ্বন্দি দল লৌক্ষ্ণ ছুপাৰ জায়েন্টছৰ বাবে মুঠ ১৯৪ ৰাণৰ লক্ষ্য বান্ধি দিছে। ২০ অভাৰত ৰাজস্থান ৰয়েলছে ৪ টা উইকেট হেৰুৱাই মুঠ ১৯৩ ৰাণ সংগ্ৰহ কৰে। উল্লেখ্য যে ILP 2024ৰ চতুৰ্থ মেচখনৰ প্ৰথম ইনিংছত অসম সন্তান ৰিয়ান পৰাগেও ৰাজস্থান ৰয়েলছলৈ ২৯ বলত ৪৩ ৰাণৰ অৱদান আগবঢ়ায়। পৰৱৰ্তী ইনিংছত ৰিয়ানে বলিঙত কেনে প্ৰদৰ্শন কৰে সেইয়াও হ’ব লক্ষণীয়।

IPL 2024ৰ পঞ্চমখন মেচত আজি গুজৰাট টাইটানছৰ মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ। এই খেলখনে দুয়োটা দলৰ সমৰ্থককেই দিব এক বিশেষ সোৱাদ কিয়নো বিগত বৰ্ষৰ গুজৰাট টাইটানছৰ অধিনায়ক আছিল হাৰ্ডিক পাণ্ডিয়া। হৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বতে দলটোৱে লীগটোত আৰম্ভণীৰ বছৰেই দখল কৰিছিল চূড়ান্ত বিজয়ীৰ খিতাপ। বিগত বৰ্ষতো দলটোৰে লাভ কৰিছিল ৰাণাৰ্চ আপৰ খিতাপ। কিন্তু গুজৰাট টাইটানছ দলটোৰ প্ৰাক্তন অধিনায়ক গৰাকী এতিয়া মুম্বাই ইণ্ডিয়ানছৰ বৰ্তমানৰ অধিনায়ক। বিগত বৰ্ষত হাৰ্ডিক পাণ্ডিয়াই যিটো দলক নেতৃত্ব দি ফাইনেলৈ আগুৱাই লৈ গৈছিল এই বৰ্ষত তেওঁ লীগৰ আৰম্ভণীয়ে কৰিব লাগিব সেই দলটোৰ বিপক্ষে।

মুম্বাই ইণ্ডিয়ানছৰ সলনি হোৱা অধিনায়কত্বয়ো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দলটোৰ সমৰ্থকসকলৰ মাজত। MIৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোয়ে ৫ বাৰকৈ ILPৰ ট্ৰফী হাতত তুলি লবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত অধিনায়কত্বৰ ক্ষেত্ৰত হোৱা এই পৰিৱৰ্তনে নিশ্চয়কৈ সমৰ্থকসকলক কিছু দুখিত কৰিছে যদিও হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বৰ ওপৰত তেওঁলোক বিশ্বাসী। একেদৰে গুজৰাট টাইটানছৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰা শুভমন গীলৰ ওপৰতো নজৰ থাকিব সমগ্ৰ দেশবাসীৰ। কাৰণ ILP 2024ত তেওঁৰ নেতৃত্বৰ ক্ষমতাই অনাগত দিনত দেশৰ ক্ৰিকেট দলৰ বাবেও আশা কঢ়িয়াই আনিব।

You might also like
Leave A Reply

Your email address will not be published.