Assam| Asmita Chaliha: চীনা তাৰকাক পৰাস্ত কৰি ইতিহাস ৰচিলে অস্মিতা চলিহাই

Asmita Chaliha

নিউজ ডেস্কঃ অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ ২০২৬ত চমকপ্ৰদ প্ৰদৰ্শনেৰে মহিলা ছিংগলছৰ খিতাপ দখল কৰিছে। ফাইনেলত চীনৰ হান কুয়ান জিক ১৪-২১, ২১-১৪, ২১-১৪ ব্যৱধানত পৰাস্ত কৰি কেৰিয়াৰৰ অন্যতম বৃহৎ খিতাপ অৰ্জন কৰে অস্মিতাই। এয়া হৈছে অস্মিতাৰ ৱৰ্ল্ড ট্যুৰৰ প্ৰথমটো পদক।

৫৩ মিনিট ধৰি চলা ফাইনেলখনত অস্মিতাই প্ৰথম গেমত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ১৪-২১ত পইণ্টত প্ৰথম গেমত পৰাস্ত হোৱা অসমৰ খেলুৱৈগৰাকীয়ে দ্বিতীয় গেমত অসাধাৰণ ছন্দ ঘূৰাই আনে। অকল্পনীয়ভাৱে দ্বিতীয়টো ছেটত চীনৰ খেলুৱৈগৰাকীক আক্ৰমণাত্মক হোৱাৰ কোনো সুযোগেই নিদিলে আৰু ২১-১৪ত দ্বিতীয় গেম জিকি মেচখন ১-১ত সমতা স্থাপন কৰে।

নিৰ্ণায়ক তৃতীয় গেমতো অস্মিতাই নিজৰ ছন্দ অটুট ৰাখে। শক্তিশালী শ্বট আৰু নিয়ন্ত্ৰিত খেলৰ জৰিয়তে ২১-১৪ত তৃতীয় গেমটো নিজৰ নামত কৰি চমকপ্ৰদ জয় সাব্যস্ত কৰে।

এই জয় অস্মিতাৰ কেৰিয়াৰৰ এতিয়ালৈকে সৰ্ববৃহৎ খিতাপ হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে তেওঁ ছুপাৰ ৩০০ পৰ্যায়ৰ প্ৰতিযোগিতা জয় কৰা বিশেষ খেলুৱৈৰ তালিকাতো নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে।

জয়ৰ পাছত অস্মিতাই কয়,-“মোক বহুত ভাল লাগিছে আৰু এতিয়াও বিশ্বাসেই হোৱা নাই। এতিয়া মই আৰু অধিক খিতাপ জিকিবলৈ আগ্ৰহী।”

এই জয়ৰ জৰিয়তে অস্মিতাই আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত নিজৰ সম্ভাৱনাৰ এক শক্তিশালী প্ৰমাণ দাঙি ধৰাৰ লগতে ভাৰতীয় বেডমিণ্টনলৈও এক উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিলে। ভাৰতৰ এইগৰাকী উদীয়মান ষ্টাৰক লৈ অসমবাসী গৌৰৱান্বিত।

You might also like
Leave A Reply

Your email address will not be published.