গুৱাহাটী, ৮ আগষ্টঃ চৰকাৰ সলনি হ’ল, প্ৰশাসন সলনি হ’ল; কিন্তু সলনি নহ’ল অশ্বিন নামপুইৰ দায়িত্বৰ পৰিসৰ! ৰাজ্য প্ৰশাসনত এগৰাকী ACS বিষয়াক লৈ এতিয়া উত্থাপন হৈছে একাধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন। ২০১৩ বেটছৰ ACS বিষয়া অশ্বিন নামপুই ২০২০ চনৰ পৰা ২০২৬ চনলৈকে ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ তথা জনজাতি পৰিক্ৰমা বিভাগক কেন্দ্ৰ কৰি ধাৰাবাহিকভাৱে বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত থকাক লৈ প্ৰশাসনিক মহলত সৃষ্টি হৈছে চৰ্চা।
২০২০ চনৰ ২৮ ছেপ্টেম্বৰত অশ্বিন নামপুইক ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ উপ-সচিব হিচাপে বদলি কৰা হৈছিল। তাৰ পাছৰ পৰাই বিষয়াগৰাকী ক্ৰমাগতভাৱে একেটা বিভাগৰ সৈতে জড়িত হৈ আহিছে।
২০২২ চনৰ ২০ ডিচেম্বৰত তেওঁক ভৈয়াম জনজাতি বিভাগৰ যুটীয়া সঞ্চালক হিচাপে দায়িত্ব দিয়া হয়। একে সময়তে অসম পিছপৰা শ্ৰেণী আয়োগৰ প্ৰশাসনিক বিষয়া হিচাপেও দায়িত্ব অৰ্পণ কৰা হয়। ইয়াতে শেষ নহয়। অশ্বিন নামপুইক অসম জনজাতি উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও দায়িত্ব দিয়া হয়। অৰ্থাৎ, একেজন বিষয়াৰ হাততেই কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব কেন্দ্ৰীভূত হয়।
বদলিৰ নিৰ্দেশ, ১০ দিনতে পৰিৱৰ্তন! এই সমগ্ৰ বিষয়টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো আহে ২০২৫ চনত। ২০ মাৰ্চ, ২০২৫ত অশ্বিন নামপুইক তিনিচুকীয়াৰ অতিৰিক্ত জিলা আয়ুক্ত হিচাপে বদলি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল। কিন্তু অভিযোগ অনুসৰি, সেই নিৰ্দেশ কাৰ্যকৰী হোৱাৰ পূৰ্বেই মাত্ৰ ১০ দিনৰ ভিতৰতে পৰিৱৰ্তন কৰা হয়। ১ এপ্ৰিলত পুনৰ বিষয়াগৰাকীক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ উপ-সচিব হিচাপে দায়িত্ব দিয়া হয়।

শেহতীয়াকৈ বিষয়াগৰাকীক কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব হিচাপেও দায়িত্ব দিয়া হৈছে। ফলত প্ৰশ্ন উঠিছে—এগৰাকী ACS বিষয়াৰ ওপৰত চৰকাৰে কিয় ইমানবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰি আহিছে? প্ৰশাসনত দক্ষ বিষয়াৰ অভাৱ নেকি? এজন বিষয়াক একেটা বিশেষ বিভাগৰ সৈতে বছৰ বছৰ ধৰি জড়িত কৰি ৰখাৰ আঁৰত কি প্ৰশাসনিক যুক্তি আছে, সেয়া এতিয়া স্পষ্ট হোৱাটো জৰুৰী।
এই ঘটনাই আন এটা ডাঙৰ প্ৰশ্নও উত্থাপন কৰিছে—ৰাজ্য প্ৰশাসনত দায়িত্ব আৱণ্টন আৰু বদলিৰ নীতি সকলো বিষয়াৰ ক্ষেত্ৰতে সমানে প্ৰযোজ্য হৈছেনে? অশ্বিন নামপুইৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে লোৱা এই সিদ্ধান্তসমূহৰ আঁৰত কাৰ স্বাৰ্থ, কাৰ পৰামৰ্শ অথবা কোনো বিশেষ প্ৰশাসনিক প্ৰয়োজন আছে নেকি—সেয়া স্পষ্ট হোৱা নাই। এতিয়া সকলোৰে দৃষ্টি দিছপুৰৰ ফালে এগৰাকী ACS বিষয়াক লৈ বছৰ বছৰ ধৰি চলি অহা এই বিশেষ ‘দায়িত্বৰ ধাৰাবাহিকতা’ৰ আঁৰত আচলতে কি আছে? প্ৰশ্নটো এতিয়া কেৱল অশ্বিন নামপুইক লৈ নহয়—ৰাজ্য প্ৰশাসনৰ বদলি আৰু দায়িত্ব আৱণ্টনৰ স্বচ্ছতাক লৈয়ো। এইক্ষেত্ৰত নিশ্চয় বিষয়াগৰাকীৰ সকলো দিশ পৰীক্ষা কৰি চাব