আজি বিশ্ব যক্ষ্মা দিৱস

‘আসাম নেটৱৰ্ক ফৰ পজিটিভ পিপল’ৰ উদ্যোগত মহানগৰীত উদযাপন বিশ্ব যক্ষ্মা দিৱস

জি বিশ্ব যক্ষ্মা দিৱস। প্ৰতিবছৰে ২৪ মাৰ্চত যক্ষ্মা ৰোগৰ (TB) বিশ্বব্যাপী মহামাৰীৰ বিষয়ে জনসচেতনতা গঢ়ি তোলা আৰু এই ৰোগ নিৰ্মূলৰ প্ৰচেষ্টাৰ বাবে এই দিৱস উদযাপন কৰা হয়। সমগ্ৰ বিশ্বৰ লগতে ভৰতবৰ্ষটো প্ৰতিবছৰে যক্ষ্মাৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধিৰ উদ্দেশ্য এই দিৱস উদযাপন কৰা হয়। এই বৰ্ষৰ বিশ্ব যক্ষ্মা দিৱসৰ মূল বিষয় হ’ল-“Yes! We can end TB” অৰ্থাৎ “হয়! আমি যক্ষ্মা সমাপ্ত কৰিব পাৰোঁ”।

মহানগৰীৰ অন্যতম বেচৰকাৰী সংস্থা ‘আসাম নেটৱৰ্ক ফৰ পজিটিভ পিপল’ৰ উদ্যোগত আৰু ‘এ আৰ কে ফাউণ্ডেচন’ আৰু ‘ৱাই আৰ জি’ কেয়াৰৰ সহযোগত খানাপাৰাস্থিত হোটেল পেলেচিঅ’ত আজি উদযাপন কৰা হয় বিশ্ব যক্ষ্মা দিৱস। উক্ত অনুষ্ঠানত বিশিষ্ট চিকিৎসক ড০ পলাশ তালুকদাৰৰ লগতে উপস্থিত থাকে ৰাজ্যৰ ৯খন জিলাৰ পৰা অহা কেইবাজনো ৰোগী তথা এই ৰোগত আক্ৰান্ত হৈ সুস্থ হোৱা ব্যক্তি। মূলত যক্ষ্মা ৰোগৰ চিকিৎসাৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনাৰ জৰিয়তে সজাগতা সৃষ্টিৰ উদ্দশ্যৰেই আজিৰ এই সজাগতা সভাৰ আয়োজন কৰা হৈছে বুলি আয়োজক সকলে জানিবলৈ দিয়ে।

আয়োজকসকলে কয় যে, কেন্দ্ৰীয় চৰকাৰে ২০২৫ৰ ভিতৰত ভাৰতবৰ্ষক এখন ‘যক্ষ্মা ৰোগ মুক্ত’ দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে যদিও সেই অনুপাতে দেশৰ বিভিন্ন ৰাজ্যই এতিয়াও যক্ষ্মা ৰোগৰ সৈতে মোকাবিলা কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ দৰৱ অথবা অন্যান্য চিকিৎসা ব্যৱস্থাসমূহ লাভ কৰা নাই। অসমেও যক্ষ্মা চিকিৎসাৰ ক্ষেত্ৰত একেধৰণৰ সমস্যাৰে সন্মুখীন হৈ আছে। তেওঁলোকে এই বিষয়টো গুৰুত্বসহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰলৈ অসমৰ বাবে পৰ্যাপ্ত পৰিমাণৰ দৰৱ আৰু অন্যান্য চিকিৎসা ব্যৱস্থাসমূহৰ যোগান ধৰিবলৈ আহ্বান জনাইছে বুলিও উদ্যোক্তাসকলে কয়।

You might also like
Leave A Reply

Your email address will not be published.