আপুনি জানেনে হোলী কিয় উদযাপন কৰা হয়?

আজিৰে পৰা আৰম্ভ ৰঙৰ উৎসৱ হোলী।

ফাগুন মাহৰ পূৰ্ণিমা তিথিত বসন্তৰ উৎসৱ হিচাপে পালন কৰা হয় হোলী ।সত্যযুগত বিষ্ণু ভক্তিৰ প্ৰতিফলস্বৰূপ এই দিনটোক অন্যতম এক গুৰুত্বপূৰ্ণ দিন হিচাপে গণ্য কৰা হয় ।হিন্দু পঞ্জিকা অনুসৰি ফাগুনৰ শেষত ফাগুন পূৰ্ণিমাত ৰঙৰ উৎসৱ হোলী উদযাপন কৰা হয়।ৰঙৰ উৎসৱ হোলীত ক’ৰবাত আবিৰ, ক’ৰবাত ফাকুৱা, ক’ৰবাত ফুলৰ প্ৰাকৃতিক ৰঙেৰে আকাশ-বতাহ ৰঙীন হৈ পৰা পৰিলক্ষিত হয়। হোলীৰ নাম অহাৰ লগে লগে মানুহৰ মনত এক নতুন উদ্যম আৰু উৎসাহে আৱৰি ধৰে।

সকলোৱে অতি আনন্দেৰে উদযাপন কৰা এই ৰঙৰ উৎসৱ কিয় পালন কৰা হয় আপুনি জানেনে ?

প্ৰতি বছৰৰ দৰে এইবাৰো ৰঙৰ উৎসৱ হোলীৰ উচাহত মতলিয়া সমগ্ৰ দেশবাসী। আজিৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হব দৌলোৎসৱ। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱক প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ বুলি জনা যায়।হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি পালন কৰা হয় এই উৎসৱটি।

ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।পৌৰাণিক আখ্যান মতে, হিৰণ্য কশিপুয়ে পুত্ৰ প্ৰহ্লাদক হত্যাৰ বাবে কন্যা হোলীকাক নিৰ্দেশ দিছিল। কিন্তু হোলীকাই যেতিয়া নিজৰ গাত জুই লগাই প্ৰহ্লাদক হত্যাৰ চেষ্টা চলায়, তেতিয়া নিজেই মৃত্যুমুখত পৰে। মৃত্যুৰ পূৰ্বে হোলীকাই নিজৰ ভুলৰ কথা বুজি উঠি প্ৰহ্লাদৰ ওচৰত ক্ষমা বিচাৰে। প্ৰহ্লাদে তেতিয়া হোলীকাৰ মূৰ চুই বছৰত অন্ততঃ এবাৰ মানুহে হোলীকাক মনত পেলাব বুলি বৰ দান কৰে। আখ্যান অনুসৰি হোলীকাৰ এই নামৰ পৰাই হোলীৰ উৎপত্তি হৈছে। আৰু সেই অনুপাতে আজিও বছৰত এবাৰ হোলী পালন কৰি অহা হৈছে। সত্যৰ জয়, অসত্যৰ পৰাজয় , এয়াই ফাকুৱাৰ মূল উদ্দেশ্য। ৰঙৰ আবিৰেৰে ৰঙীয়াই তুলি ভুলবোৰ মচি পেলোৱাৰ বাবেই পালন কৰা হয় পৰম্পৰাগত ৰঙৰ উৎসৱ ফাকুৱা।

কোনো কোনো ঠাইত ২৫ মাৰ্চ সোমবাৰে আৰু কোনো কোনো ঠাইত ২৬ মাৰ্চ মঙলবাৰে হোলী উদযাপন কৰা হ’ব।
অসমত ফাকুৱাৰ প্ৰথম দিনা গোঁসাইৰ মূৰত ফাকু দিয়া হয় আৰু তাৰ পিছৰ দিনাহে আবিৰৰে হোলী খেলা হয়। এইবাৰ ফাগুনৰ পূৰ্ণিমা তিথি ২৪ মাৰ্চৰ পুৱা ০৯:২৩ বজাৰ পৰা ২৫ মাৰ্চৰ পুৱা ১১:৩১ বজালৈ মিলিছে। আজি ২৪ মাৰ্চৰ ফাগুন পূৰ্ণিমা তিথিত নিশা ১০:২৮ বজাৰ পৰা অনুষ্ঠিত হ’ব হোলিকা দহন। কিন্তু ২৫ মাৰ্চত হোলী খেলা নহ’ব কাৰণ সেইদিনা ফাগুন পূৰ্ণিমা তিথি পুৱা ১১:৩১ বজালৈকে আছে। সেইদিনা ফাগুন পূৰ্ণিমাৰ স্নান আৰু দান কৰিব পাৰিব।

আনহাতে চ’ত মাহৰ কৃষ্ণ পক্ষৰ প্ৰতিপদ তিথি ২৫ মাৰ্চৰ পুৱা ১১:৩১ বজাৰ পৰা আৰম্ভ হ’ব আৰু ২৬ মাৰ্চৰ পুৱা ০২:৫৫ বজাত শেষ হ’ব। উদয়তিথিৰ আধাৰত চ’তৰ কৃষ্ণা প্ৰতিপদ ২৬ মাৰ্চ আৰু নিয়ম অনুসৰি সেই তাৰিখেহে হোলী খেলিব লাগে। এনে পৰিস্থিতিত চলিত বৰ্ষৰ ২৬ মাৰ্চ মঙলবাৰে হোলী খেলা হ’ব। ২৫ মাৰ্চত বেনাৰসত হোলী উদযাপন কৰাৰ বিপৰীতে আন ঠাইত ২৬ মাৰ্চত অনুষ্ঠিত হ’ব হোলী।

দৌলোৎসৱৰ পৱিত্ৰ ক্ষণত অসমবাসীলৈ NEBharat24 তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।পৱিত্ৰ ফল্গুৎসৱৰ এই ক্ষণত ৰঙেৰে ৰঙীন হৈ সকলোৰে জীৱন আনন্দ আৰু উল্লাসেৰে ভৰি পৰক।

You might also like
Leave A Reply

Your email address will not be published.