আজি ২৫ মাৰ্চ

➡️আজি গ্ৰীচৰ স্বাধীনতা দিৱস।
➡️১৮৯৪ চনত সাহিত্যিক গুনাভিৰাম বৰুৱাৰ মৃত্যু।
➡️১৮৯৮ চনত ভগ্নী নিবেদিতাৰ (প্ৰকৃত নাম মাৰ্গাৰেট এলিজাবেথ নোবেল) স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ।
➡️১৯১৪ চনত ফৰাচী কবি ফ্ৰেডেৰিক মিষ্টালৰ মৃত্যু হয়। ১৯০৪ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৪০ চনত সাহিত্যিক-ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মৃত্যু হয়।
➡️১৯৬৯ চনত পাকিস্তানৰ ৰাষ্ট্ৰপ্ৰধান আয়ুব খান ক্ষমতাচ্যুত।
➡️১৯৮১ চনত বাংলা দৈনিক ‘আজকাল’ৰ প্ৰথম প্ৰকাশ।
➡️১৯৯১ চনৰ ভাৰতৰ লোকপিয়লৰ প্ৰাথমিক তথ্য প্ৰকাশ। সেই তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা ৮৪,৩৯,৩০,৮৬১।
➡️১৯৯৭ চনত জে এছ বাৰ্মাৰ ভাৰতৰ উচ্চতম ন্যায়লৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ। ১৯৯৮ চনৰ ১৭ জানুৱাৰীলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ৰ নায়ক মহদা গোসাঁইৰ মৃত্যু হয়।
➡️২০০৪ চনত শান্তিনিকেতনৰ পৰা ৰবিন্দ্ৰনাথৰ নোবেল বঁটা চুৰি হয়।

You might also like
Leave A Reply

Your email address will not be published.