প্রাণৰ দৌল উৎসৱক লৈ উখল-মাখল বৰপেটা

দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ

দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত অৰ্থাৎ পাতেকীবাৰীত এই ফলগু উৎসৱৰ অৰ্থাৎ দৌল ৰ পাতনি মেলিছিল।তেতিয়াৰ পৰাই ফাগুন মাহৰ শুক্লা পূৰ্ণিমাত এই দৌল উৎসৱ পালন কৰা হয়। ফাগুন মাহত অনুষ্ঠিত হোৱা দৌল পাঁচদিনীয়াকৈ পালন কৰে। ইয়াক ‘ডেকা দৌল’ আৰু চ’ত মাহত পালন কৰা দৌলক ‘বুঢ়া দৌল’ বুলি কয়। চ’ত মাহৰ দৌল উৎসৱ তিনিদিনীয়াকৈ পালন কৰা হয়।

নামনি অসমৰ বৰপেটা এখন সৃষ্টিশীল ঠাই। মহাপুৰুষ মাধৱদেৱে ১৫০৫ শকাব্দত এই সত্ৰ স্থাপন কৰিছিল। তেতিয়াৰ পৰাই বৰপেটাত মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে বৈকুণ্ঠৰ আৰ্হিত দৌল উৎসৱ পালন কৰে। তেতিয়াৰে পৰা আজিৰ তাৰিখলৈ বৰপেটা সত্ৰত বৃহৎভাৱে দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে। বৰপেটা সত্ৰক দ্বিতীয় বৈকুণ্ঠপুৰীৰুপেও জনা যায়। ইয়াৰোপৰি দ্বিতীয় বৰদোৱা ধাম বুলি খ্যাত বৰপেটাত সৰ্বপ্ৰথম মথুৰা আতৈয়ে এই উৎসৱ আৰম্ভ কৰে। দৌলৰ প্ৰথম দিনা ‘গোন্ধ যাত্ৰা’ দ্বিতীয় দিনা ভৰদৌল আৰু তৃতীয় দিনা ‘সুৱেৰী’ বা ফাকুৱা উৎসৱ।

প্ৰথম দিনা খন আবেলি কলিয়া গোসাঁইক মণিকুটৰ পৰা মঠৰ চোতাললৈ অনা হয় গায়ন-বায়নসৈতে। মহাপ্ৰভুক তাৰ পিচত মেজিৰ কাষলৈ নিয়া হয়। মেজি জ্বলোৱাৰ পিচত মহাপ্ৰভুৱে মেজিক সাতবাৰ প্ৰদক্ষিণ কৰে। যাক কোৱা হয় মেজি পুঁওৱা। আতচবাজি আৰু ফানুচ গন্ধোৎসৱৰ মুল আকৰ্ষণ। মেজি পুঁওৱাৰ অন্তত কলিয়া গোঁসাইক দৌল ঘৰলৈ নিয়াৰ এক পৱিত্ৰ মুহুৰ্তত সাতটা খোজেৰে অনা হয় আৰু হোলী গীতৰ আৰম্ভণি হয়।দ্বিতীয় দিনাখনক কোৱা হয় ভৰ দৌল। বৈষ্ণৱসকলে জগমোহনৰ ঘৰত নাম-প্ৰসংগ কৰে।শেষৰ দিনাখন কোৱা হয় ফাকুৱা অথবা সুৱেৰি।সুৱেৰিৰ দিনা কলীয়া গোসাঁইক কলবীৰ সত্ৰলৈ নিয়া হয় হেকেটা খুৱাবলৈ (মাহজাতীয় শস্য খুওৱা হয়), যিখন বৰপেটা কীৰ্তনঘৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত। বৰপেটা ৰাইজে হোলীগীত আৰু আবিৰৰ যাত্ৰাৰে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ঘুৰি অহাৰ পিচত ঘুনুচাৰ ঘৰৰ পৰা অহা বাবে কলীয়া গোসাঁইক ৰুক্মিণীয়ে বাধা দিয়ে আৰু বাঁহৰ হেঙাৰ ধৰা হয়। ইয়াৰ পিচত সাতবাৰ কীৰ্তনঘৰ প্ৰদক্ষিণ কৰি কলীয়া গোঁসাই পুনৰ কীৰ্তনঘৰৰ স্বস্থান গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হয়।

গোসাঁই মণিকুটলৈ যোৱাৰ পিচত ১০৮ বাৰ দবা কোবোৱা হয় আৰু এনেদৰেই উলহ-মালহেৰে দৌল উৎসৱৰ সামৰণি পৰে।

বৰপেটা চহৰক অসমৰ দ্বাৰকা, মথুৰা নগৰী বুলিলেও ভুল কোৱা নহ’ব। হোলীৰ কেইদিন দোকান বিলাকত আলু ভাজি, কণী ভাজি থৈ দিয়ে। তাক লোকবোৰে গৈ পৰম তৃপ্তিৰে খাই পুনৰ ৰং খেলত যোগ দিয়ে ।এনেকৈ আগবেলাৰ দিনটো অতিবাহিত হয়।

You might also like
Leave A Reply

Your email address will not be published.