“মোৰ তেজৰ প্ৰতিটো টোপাল দেশৰ বাবে উৎসৰ্গিত”

কাৰাগাৰৰ পৰা দেশবাসীলৈ কেজৰিৱালৰ চিঠি

মোৰ জীৱনৰ প্ৰতিটো মুহুৰ্ত দেশৰ সেৱাৰ বাবে সমৰ্পিত। মোৰ তেজৰ প্ৰতিটো টোপাল দেশৰ বাবে উৎসৰ্গিত।বিজেপিৰ লোকসকলক ঘৃণা নকৰিব। তেওঁলোক সকলো আমাৰ ভাই-ভনী”। এইদৰেই কাৰাগাৰৰ পৰা দেশবাসীলৈ পঠিওৱা বিশেষ চিঠিত কেজৰিৱালে দেশবাসীক সম্বোধন কৰিলে।

বৃহস্পতিবাৰে নিশা EDৰ ১২ জনীয়া বিষয়াৰ এটা দলে তেওঁৰ বাসগৃহলৈ গৈ তেওঁক সোধা-পোছা কৰাৰ লগতে নথিপত্ৰ আৰু অন্যান্য সামগ্ৰী জব্দ কৰি গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৱালক। দিল্লীৰ সুৰা নীতিৰ সৈতে সম্পৰ্কিত দুৰ্নীতিৰ গোচৰত ৯ বাৰকৈ চমন জাৰি কৰাৰ পিছতো EDৰ কাৰ্যালয়ত হাজিৰ হোৱা নাছিল মুখ্যমন্ত্ৰীগৰাকী। তাৰ পিছতেই বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত EDয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰি ১০ দিনৰ বাবে জিম্মাত বিচাৰি আৱেদন কৰিছিল। পৰৱৰ্তী সময়ত শুকুৰবাৰে EDয়ে ৭ দিনৰ জিম্মাত লৈ অৰবিন্দ কেজৰিৱালক।

শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে সামাজিক মাধ্যমযোগে পাঠ কৰে এখন বিশেষ চিঠি। এই চিঠিখন জে’লৰ পৰা দেশবাসীৰ বাবে প্ৰেৰণ কৰিছে অৰবিন্দ কেজৰিৱালে। চিঠিখনত তেওঁ লিখিছে কেইবাটাও গুৰুত্বপূৰ্ণ কথা।

বাৰ্তাটোত কেজৰিৱালে সকলোকে সমাজৰ বাবে কাম কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে কাকো ঘৃণা নকৰিবলৈ আহ্বান জনাইছে। আনকি শাসকীয় বিজেপিৰ লোকসকলকো যাতে আপৰ সমৰ্থকসকলে ঘৃণা নকৰে তাৰ বাবেও তেওঁ আহ্বান জনায়।

ভাৰতৰ ভিতৰে-বাহিৰে কেইবাটাও শক্তি আছে যিয়ে দেশখনক দুৰ্বল কৰিব বিচাৰিছে। এনে কোনো কাৰাগাৰ নাই যিয়ে তেওঁক দীঘলীয়া সময়ৰ বাবে কাৰাগাৰৰ ভিতৰত ৰাখিব পাৰে। তেওঁ সোনকালেই ওলাই আহিব আৰু প্ৰতিশ্ৰুতি পালন কৰিব। দিল্লীৰ জনতাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি জেলৰ পৰা পঠিওৱা চিঠিখনত কেজৰিৱালে এইদৰেই জনতাক সম্বোধন কৰিলে। আপৰ মুৰব্বীগৰাকীয়ে আশ্বাস দিয়ে যে তেওঁ সদায় তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে আৰু তেওঁ জেলত থকা সময়তো দিল্লীৰ মহিলাসকলে নিৰ্দিষ্ট আঁচনিৰ অধীনত প্ৰতিমাহে পাবলগীয়া এহেজাৰ টকা লাভ কৰিয়ে থাকিব।

দেশৰ জনতাৰ বাবে পঠিওৱা চিঠিখনত কেজৰিৱালে লগতে কয় যে তেওঁ সংগ্ৰামৰ বাবে জন্মগ্ৰহণ কৰিছিল আৰু ভৱিষ্যতে আহিব লগীয়া আন ডাঙৰ প্ৰত্যাহ্বানৰ বাবে তেওঁ সাজু। ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু সৰ্বশ্ৰেষ্ঠ দেশ লৈ গঢ় দিব লাগিব। কিছুমান আভ্যন্তৰীণ আৰু বাহ্যিক শক্তি আছে যিয়ে দেশক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে আৰু এইবোৰৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰয়োজন বুলি কৈ কেজৰিৱালে দেশবাসীলৈ পঠিওৱা চিঠিৰ সামৰণি মাৰে।

You might also like
Leave A Reply

Your email address will not be published.