আজি ২৪ মাৰ্চ

➡️আজি বিশ্ব যক্ষ্মা দিৱস।
➡️১৬০৩ চনত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ মৃত্যু হয়।
➡️১৯৫৫ চনত কলকাতা-আগ্ৰাৰ মাজত প্ৰথম দীৰ্ঘ দূৰত্বৰ টেলিগ্ৰাফ সেৱা আৰম্ভ।
➡️১৮৭৪ চনত পৃথিৱীৰ প্ৰসিদ্ধ যাদুকৰ হেৰী হুডনীৰ জন্ম।

➡️১৯০৪ চনত পৃথিৱীৰ প্ৰসিদ্ধ প্ৰাচ্যতত্ত্ববিদ তথা কবি এডুইন আৰ্নল্ডৰ জন্ম। ‘লাইট অব্ এছিয়া’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।
➡️১৯০৫ চনত কল্পবিজ্ঞানৰ ফৰাচী লেখক জুলে ভাৰ্নেৰ মৃত্যু।
➡️১৯৪৬ চনত ভাৰতৰ জাতীয় আন্দোলনৰ নেতৃবৃন্দৰ লগত ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ শান্তিপূৰ্ণ সমাধানৰ অৰ্থে ব্ৰিটিছ চৰকাৰৰ তিনিজন মন্ত্ৰীৰে গঠিত কেবিনেট মিছনৰ ভাৰতত পদাৰ্পণ।
➡️১৯৪৭ চনত লৰ্ড মাউন্টবেটেনৰ ভাৰতৰ অন্তিম ভাইচৰয় ৰূপে কাৰ্যভাৰ গ্ৰহণ।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী দলৰ (জনতা দল) চৰকাৰ গঠন। মোৰাৰজী দেশাই ভাৰতৰ প্ৰধান মন্ত্ৰী। ১৯৭৯ চনৰ ২৮ জুলাইলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৮৫ চনত অসমৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ নিজাববীয়া অনুষ্ঠানৰ সম্প্ৰচাৰ আৰম্ভ। প্ৰথম অনুষ্ঠানটো আছিল এটি সত্ৰীয়া নৃত্যানুষ্ঠান।

You might also like
Leave A Reply

Your email address will not be published.