ASSAM | Sixteen-year-old Lisha Das, India’s lone para cyclist for the upcoming Commonwealth Games : কমনৱেলথ গেমছলৈ ১৬ বছৰীয়া অসমৰ কন্যা লিচা দাস

কমনৱেলথ গেমছলৈ ১৬ বছৰীয়া অসমৰ কন্যা লিচা দাস

নিউজ ডেস্ক: অসমৰ বাবে আন এক গৌৰৱৰ খবৰ। মাত্ৰ ১৬ বছৰ বয়সতে ২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসমৰ পেৰা চাইক্লিষ্ট লিচা দাসে। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া এই ক্ৰীড়া মহোৎসৱত পেৰা ট্ৰেক চাইক্লিং শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব লিচাই। ভাৰতীয় দলৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপেও পৰিগণিত হৈছে তেওঁ।

বিশ্বনাথ জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী লিচা তেজপুৰৰ নিৰ্মল দাস আৰু ৰুক্মিণী ভূমিজ দাসৰ কন্যা। জন্মগত শাৰীৰিক প্ৰত্যাহ্বান সত্ত্বেও কেৱল এখন হাতৰ সহায়ত চাইক্লিঙত অভূতপূৰ্ব সফলতা অৰ্জন কৰি সকলোৰে বাবে এক অনুপ্ৰেৰণাৰ নাম হৈ পৰিছে তেওঁ।

২০২৫ চনৰ ৰাষ্ট্ৰীয় পেৰা ৰোড চাইক্লিং চেম্পিয়নশ্বিপত সোণৰ পদক, লান্না কাপত দুটা সোণৰ পদক, কোৰাট কাপত ব্ৰঞ্জৰ পদক আৰু ২০২৬ চনৰ এছিয়ান পেৰা ট্ৰেক চেম্পিয়নশ্বিপত দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক জয় কৰিছে লিচাই।

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ হৃদয়ানন্দ দাসে কয়, “বিশ্বনাথ জিলাৰ পৰা প্ৰথমবাৰৰ বাবে কোনো খেলুৱৈয়ে কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন কৰাটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। আমি আশা কৰোঁ, লিশাই দেশলৈ সোণৰ পদক কঢ়িয়াই আনিব।”

উল্লেখ্য যে, ২০২৬ চনৰ কমনৱেলথ গেমছত অসমৰ পৰা অংশগ্ৰহণ কৰিব অলিম্পিয়ান বক্সাৰ লভলিনা বৰগোহাঁই, লন বলছ খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিচা দাসে। লিচাৰ এই সাফল্যে অসমৰ ক্ৰীড়া জগতলৈ এক নতুন আশা আৰু অনুপ্ৰেৰণাৰ সঞ্চাৰ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.