গুৱাহাটী: ১০ আৰু ২০ টকীয়া নোটবোৰে হয়তো আপোনাক সততে নানা অসুবিধা দি আহিছে। প্ৰায় ফাটি, ছিঙি যোৱা ১০/২০ টকীয়া নোটে আপোনাক নিশ্চয় অসুবিধাত পেলাই আহিছে। পিছে এতিয়া আৰু চিন্তা নাই। কেন্দ্ৰীয় চৰকাৰে দেশত ১০ আৰু ২০ টকাৰ পলিমাৰ নোট উলিওৱাৰ বাবে সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰে পলিমাৰ নোট ছপা কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে এই পলিমাৰ নোটসমূহ প্ৰচলন কৰা হ’ব। ১০০ কোটি টকাৰ ১০ আৰু ২০ টকীয়া পলিমাৰ নোট ছপা কৰিবলৈ ওলোৱাৰ কথা মঙলবাৰে ৰাজ্যসভাত সদৰি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় পৰিষদৰ পৰামৰ্শৰ ভিত্তিত ১০ আৰু ২০ টকাৰ ১০০ কোটি টকাৰ পলিমাৰ বেংকনোট পৰীক্ষামূলকভাৱে প্ৰচলনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, চৰকাৰে ইতিমধ্যে এই প্ৰস্তাৱত অনুমোদন জনাইছে। RBI-ৰ মতে, পলিমাৰ নোটসমূহ বৰ্তমানৰ কাগজৰ বেংকনোটৰ সৈতে সমান্তৰালভাৱে প্ৰচলন কৰা হ’ব।
অৱশ্যে, পলিমাৰ নোটৰ পৰীক্ষামূলক প্ৰচলন সফল হোৱাৰ পিছতহে চৰকাৰে নিয়মীয়াকৈ জাৰি কৰাৰ সিদ্ধান্ত লোৱা হ’ব। RBI-য়ে জানিবলৈ দিয়া মতে, নোটসমূহৰ ক্ৰয় প্ৰক্ৰিয়া বৰ্তমান প্ৰাথমিক পৰ্যায়ত আছে।
সেয়েহে পলিমাৰ নোট কেতিয়াৰ পৰা প্ৰচলন কৰা হ’ব বা এই প্ৰক্ৰিয়াত কিমান ধন ব্যয় হ’ব, সেই বিষয়ে এই মুহূৰ্তত সঠিক সময়সীমা বা ব্যয় নিৰ্ধাৰণ কৰা সম্ভৱ নহয় বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয়।
উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত RBI-ৰ নোট ছপা কৰা সংস্থা Bharatiya Reserve Bank Note Mudran Private Limited (BRBNMPL)-এ সুৰক্ষা বৈশিষ্ট্য সংযুক্ত পলিমাৰ ছাবষ্ট্ৰেট শ্বীট যোগানৰ বাবে বিশ্বব্যাপী Expression of Interest (EoI) আহ্বান কৰিছিল। যোগ্য দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্মাতাসকলক পলিমাৰ ছাবষ্ট্ৰেট শ্বীট নিৰ্মাণৰ বাবে ১৮ আগষ্টৰ ভিতৰত নিবিদা দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছিল। ফলত এই প্ৰক্ৰিয়াত বিশেষ বিলম্ব নহ’ব বুলি আশা কৰা হৈছে