গুৱাহাটী, ১১ আগষ্টঃ পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে ‘বৃক্ষ বন্ধু’ পদক্ষেপৰ শুভাৰম্ভ কৰে। এই পদক্ষেপৰ জৰিয়তে ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ২২ লাখতকৈ অধিক শিক্ষাৰ্থীয়ে ১১ৰ পৰা ১৪ আগষ্টলৈ চাৰিদিনীয়া ৰাজ্যজোৰা বৃক্ষৰোপণ অভিযানত অংশগ্ৰহণ কৰিব। ‘অমৃত বৃক্ষ আন্দোলন’ৰ অংশ হিচাপে শিক্ষাৰ্থীসকলে এই সময়ছোৱাত ১.৫ কোটিতকৈ অধিক গছপুলি ৰোপণ কৰিব।
এই বৃহৎ অভিযানত ৰাজ্যৰ মুঠ ১১,২৭৭খন শিক্ষানুষ্ঠান সংযুক্ত হৈছে আৰু বৰ্তমানলৈ ২১,২৮,৪৯৫ গৰাকী শিক্ষাৰ্থীয়ে অভিযানটোৰ বাবে পঞ্জীয়ন কৰিছে। অংশগ্ৰহণকাৰী শিক্ষানুষ্ঠানসমূহলৈ বন বিভাগে বৰ্তমানলৈ ১.৫৭ কোটি গছপুলি বিতৰণ কৰিছে। গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠানত সাতখন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানসমূহে অনলাইন মাধ্যমযোগেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই বৃহৎ পদক্ষেপৰ সৈতে জড়িত শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষা বিভাগ, বন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু সকলো অংশীদাৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এই কাৰ্যসূচীৰ উদ্দেশ্য কেৱল ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰাই নহয়, নৱপ্ৰজন্মৰ মাজত গছপুলি ৰোপণ, সংৰক্ষণ আৰু লালন-পালনৰ প্ৰতি এক স্থায়ী দায়বদ্ধতাৰ ভাব গঢ়ি তোলাও।
‘বৃক্ষ বন্ধু’ পদক্ষেপৰ অধীনত ৰোপণ কৰা গছপুলিৰ জীয়াই থকাৰ হাৰ নিৰীক্ষণৰ বাবেও এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। AMTRON-ৰ কাৰিকৰী সহযোগিতাত শিক্ষাৰ্থীসকলে ‘অমৃত বৃক্ষ আন্দোলন’ প’ৰ্টেলত ৰোপণ কৰা গছপুলিৰ জিঅ’-টেগযুক্ত আলোকচিত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ প্ৰায় ছমাহ পিছত, অৰ্থাৎ মাঘ বিহুৰ সময়ছোৱাত দ্বিতীয়খন আলোকচিত্ৰ আপলোড কৰি গছপুলিটোৰ বৃদ্ধি আৰু জীয়াই থকাৰ অৱস্থা নথিভুক্ত কৰা হ’ব। এই প্ৰক্ৰিয়া সফলভাৱে সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলক অনলাইন ‘বৃক্ষ বন্ধু’ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।
তেওঁ লগতে জনায় যে অহা এপ্ৰিলৰ ভিতৰত ‘ফলবাৰী’ নামৰ এক বৃহৎ বৃক্ষৰোপণ অভিযানৰ বাবে বন বিভাগে প্ৰায় দুই কোটি থলুৱা ফলমূলৰ গছপুলি – আম, জামু, লেটেকু, পনিয়ল আৰু কঁঠালকে ধৰি – প্ৰস্তুত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ভাষণত জলবায়ু পৰিৱৰ্তনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ কথা উল্লেখ কৰি পৰিৱেশ সুৰক্ষাৰ বাবে সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেউজ আৱৰণৰ গুৰুত্ব উল্লেখ কৰি তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকেও গ্ৰহণ কৰিব পৰা অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে বৃক্ষৰোপণ। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰম্ভ হোৱা ‘বৃক্ষ বন্ধু’ পদক্ষেপে ৰাজ্যজুৰি চাৰিদিনীয়া বৃক্ষৰোপণ অভিযানৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ সামূহিক সংকল্পক পুনৰ দৃঢ় কৰিছে।
ৰাজ্যৰ ২২ লাখতকৈ অধিক শিক্ষাৰ্থীয়ে ১.৫ কোটিতকৈ অধিক গছপুলি ৰোপণ কৰি এখন সেউজীয়া আৰু বহনক্ষম অসমৰ দিশে এক শক্তিশালী গণআন্দোলনৰ ৰূপ দিবলৈ আগবাঢ়িছে।