হাজোত আটক IIT GUWAHATIৰ ছাত্ৰ

ISISৰ সৈতে সম্পৰ্কৰ সন্দেহ আৰক্ষীৰ

নিবাৰে হাজোৰ পৰা ISISৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত আইআইটি-গুৱাহাটীৰ এজন ছাত্ৰক আটক কৰা হয়। জৈৱ প্ৰযুক্তিবিদ্যাৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰজনে অলপতে এটা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ইমেইলত দাবী কৰিছিল যে তেওঁ সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিব বিচাৰিছিল। উল্লেখ্য যে, কিছুদিন পূৰ্বে আই আই টি গুৱাহাটী চৌহদৰ পৰা নিৰুদ্দেশ হৈছিল ছাত্ৰজন। তেওঁক কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্ত কৰা হৈছে। ছাত্ৰজনক আজি গুৱাহাটীৰ আদালতে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ সূত্ৰঅনুসৰি, দিল্লীৰ বাসিন্দা ছাত্ৰজনে লিংকডইনত তেওঁৰ সিদ্ধান্তৰ কাৰণ উল্লেখ কৰি এখন মুকলি পত্ৰ লিখাৰ পিছত তেওঁৰ বাবে লুকআউট এলাৰ্ট জাৰি কৰা হৈছিল আৰু শনিবাৰে যুৱকজনক হাজোৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

অসমৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে কয় যে, ইমেইল পোৱাৰ পিছত তেওঁলোকে সমলবোৰৰ সত্যতা পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে। ইমেইলটো ছাত্ৰজনে প্ৰেৰণ কৰিছিল, য’ত তেওঁ দাবী কৰিছিল যে তেওঁ ISISত যোগদান কৰাৰ পথত আছে।
বিশেষ টাস্ক ফ’ৰ্চৰ সূত্ৰই প্ৰকাশ কৰা মতে, ছাত্ৰজনক তেওঁৰ হোষ্টেলৰ কোঠালৈ লৈ যোৱা হৈছিল য’ত আৰক্ষীয়ে ISISৰ পতাকাৰ দৰে ক’লা পতাকা আৰু এটা ইছলামিক পাণ্ডুলিপি উদ্ধাৰ কৰিছিল।
উল্লেখ্য যে, ২০১৯ চনৰ পৰা সক্ৰিয় হৈ থকা অসমৰ ISISৰ মুৰব্বী হাৰিছ ফাৰুকীক বুধবাৰে অসম আৰক্ষীয়ে তেওঁৰ সহযোগীসকলৰ সৈতে গ্ৰেপ্তাৰ কৰে।

You might also like
Leave A Reply

Your email address will not be published.