অমৃতসৰত ভাৰতে ভূপতিত কৰিলে পাকিস্তানী ড্ৰোন!

নিউজ ডেস্কঃ

শুকুৰবাৰে নিশা অমৃতসৰ চেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত সীমা সুৰক্ষা বাহিনীয়ে দুখনকৈ পাকিস্তানী ড্ৰোন ভূপতিত কৰে। এখন ড্ৰোন অমৃতসৰ খণ্ডৰ ধাৰিৱালত আৰু আনখন ৰত্ন খুৰ্দ অঞ্চলত ধ্বংস কৰা হৈছে বুলি জানিব পৰা গৈছে।
সীমা সুৰক্ষা বাহিনীৰ মতে, শুকুৰবাৰে নিশা ধাৰিৱাল গাঁৱৰ ওচৰত এখন ড্ৰোন ঘূৰি আছিল। ড্ৰোনখনলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল সীমা সুৰক্ষা বাহিনীয়ে ।
ইফালে নিশা ৯:৫৫ বজাত ৰত্ন খুৰ্দ গাঁৱত আন এখন ড্ৰোনৰ চলাচল দেখিবলৈ পোৱা গৈছিল। এই ড্ৰোনখনো গুলী চালনা কৰি ভূপাতিত কৰা হয়। উক্ত ড্ৰোন খনৰ পৰা দুই কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছে।
উদ্ধাৰকৃত হেৰ’ইন খিনিৰ বজাৰ মূল্য অনুমানিক ১৫ কোটি টকা হ’ব বুলি সদৰি কৰিছে সীমা সুৰক্ষা বাহিনীৰ সূত্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.