আকৌ চৰ্চাত বন্দনা কলিতা!

স্বামী অমৰ দে আৰু শাহু শংকৰী দেক হত্যাৰ অভিযোগত অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগীৰ বিৰুদ্ধে নুনমাটি আৰক্ষীব চাৰ্জশ্বীট

নিউজ ডেস্ক

কৌ চৰ্চাত বন্দনা কলিতা। গুৱাহাটীৰ নুনমাটিত স্বামী অমৰ দে আৰু শাহু শংকৰী দেক হত্যাৰ অভিযোগত অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগীৰ বিৰুদ্ধে নুনমাটি আৰক্ষীয়ে কাইলৈ দাখিল কৰিব চাৰ্জশ্বীট । প্ৰায় তিনি মাহৰ পিছত বন্দনা কলিতা কাণ্ডৰ ১৬০০ পৃষ্ঠাযোৰা চাৰ্জশ্বীট সাঁজু কৰিছে নুনমাটি আৰক্ষীয়ে।

উল্লেখ্য যে, অতি নিৰ্মমভাৱে স্বামী অমৰ দে আৰু শাহু শংকৰী দেক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰকৈ কাটি মেঘালয়ৰ পাহাৰৰ মাজত পেলাই দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বন্দনা কলিতাসহ দুই সহযোগীক। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চলোৱা অভিযানত মেঘালয়ৰ পাহাৰৰ মাজত উদ্ধাৰ কৰিছিল মৃতদেহ দুটাৰ টুকুৰাসমূহ। বিগত বৰ্ষৰ ১৭ জুলাই আৰু ১৭ আগষ্টত সংঘটিত হৈছিল দুয়োটা লোমহৰ্ষক হত্যাকাণ্ড। বৰ্তমানেও কাৰাগাৰতেই আছে অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগী । এই শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰি গৈছিল ৰাজ্যখনৰ সমগ্ৰ সভ্য সমাজক।

You might also like
Leave A Reply

Your email address will not be published.