আজি গুৱাহাটী প্ৰেছ ক্লাৱত গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ বাৰ্ষিক অধিবেশন

অসমৰ বৰেণ্য শিল্পী ,সাহিত্যিক, সাংবাদিক ,ক্ৰীড়া সংগঠক আৰু সমাজ সেৱকলৈ প্ৰদান কৰা হয় বিশেষ বঁটা প্ৰদান

নিউজ ডেস্ক:

জি গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ বাৰ্ষিক অধিবেশন। অসমৰ বৰেণ্য শিল্পী ,সাহিত্যিক, সাংবাদিক ,ক্ৰীড়া সংগঠক আৰু সমাজ সেৱকলৈ প্ৰদান কৰা হয় বিশেষ বঁটা প্ৰদান। গুৱাহাটী প্ৰেছ ক্লাৱত তুলিকা বৰুৱাৰ সভাপতিত্বত গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত হয়। সভাত গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদিকা ৰুমী ভূঞাই বিশেষ সম্বৰ্ধনা জনায় মুখ্য অতিথি শিক্ষাবিদ, সাহিত্য সমালোচক দয়ানন্দ পাঠকক । লগতে সম্বৰ্ধনা জনায় বিশিষ্ট অতিথি জ্যেষ্ঠ ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা আৰু সমাজসেৱক, সংগীত পৰিচালক হিতেশ বৰুৱাক ।
অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি দয়ানন্দ পাঠকে। সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে শিখামণি কলিতাই । সভাৰ আট ধৰে অনিতা কলিতাই। লগতে মঞ্চখন পৰিচালনা কৰে কাকলী পাঠক পাটগিৰি আৰু বিভা ডেকাই।

সাংস্কৃতিক গোষ্ঠীয়ে সমবেত সংগীত পৰিবেশন কৰাৰ পিছত অসমৰ বৰেণ্য ব্যক্তি সকলক বঁটা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। স্বনামধন্য বৰেণ্য শিল্পী সংগীতা বৰঠাকুৰক বিশিষ্ট সংগীত শিল্পী বঁটা, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক বিশিষ্ট জ্যেষ্ঠ সাংবাদিক বঁটা, সাহিত্য অকাডেমী বঁটা বিজয়ী জয়ন্ত মাধৱ বৰাক বিশিষ্ট সাহিত্যিক বঁটা, নাট্যকাৰ-অভিনেতা আলেখ্য বৰুৱাক বিশিষ্ট অভিনেতা বঁটা প্ৰদান কৰা হয় ।

সমাজত বিভিন্ন ঠাইত বিশেষভাৱে কাম কৰি অহা নৱপ্ৰজন্মৰ কেইবা গৰাকিও বিশিষ্ট ব্যক্তিক আজিৰ সভাতেই গুৱাহাটী সাংস্কৃতিক গোষ্ঠীয়ে বঁটা প্ৰদান কৰি সন্মান জনায়। দক্ষ প্ৰশাসনিক বিষয়া বঁটা প্ৰদান কৰা হয় পৰিনিতা বৰাক , শিশু বিশেষজ্ঞ বঁটা প্ৰদান কৰা হয় অৰুণিমা ভট্টাচাৰ্য্য গোস্বামীক, শৈক্ষিক বঁটা প্ৰদান কৰা হয় প্ৰণীতা শৰ্মা বৰদলৈক, গল্প লেখিকা বঁটা প্ৰদান কৰা হয় মফিদা বেগমক, শাৰিৰীক নিৰ্দেশিকা বঁটা প্ৰদান কৰা হয় ধৰিত্ৰী দাসক, সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয় অঞ্জনা দত্তক আৰু সাংস্কৃতিক কৰ্মী বঁটা প্ৰদান কৰা হয় কুঞ্জলতা গগৈক । সদৌ অসম ভিত্তিত আয়োজিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ গীত ,নৃত্য, কবিতা আবৃত্তি ,লাচিত বৰফুকনৰ কবিতা আবৃত্তি, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহো এই সভাতে বিতৰণ কৰা হয় । গীত ,নৃত্য কথা কবিতাৰে আজিৰ বাৰ্ষিক অধিবেশন খনি আনন্দ মুখৰ হৈ সকলোকে আনন্দ প্ৰদান কৰে। সকলো অতিথি, সদস্য আৰু বিষয়ববীয়াৰ সহযোগত অনুষ্ঠানটি সুন্দৰকৈ আগবঢ়াই নিয়াৰ বাবে সম্পাদক ৰুমী ভূঞাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে । সভাৰ শেষত জাতীয় সংগীত পৰিবেশনেৰে সভা সমাপ্ত কৰে।।

You might also like
Leave A Reply

Your email address will not be published.