ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ সমীপত ভয়ংকৰ ফেৰী দুৰ্ঘটনা!

এখন যাত্ৰীবাহী ফেৰী বাগৰি পৰাৰ ফলত নিহত হয় কমেও ১৫ গৰাকী যাত্ৰী

ইণ্টাৰনেচনেল ডেস্ক:

ণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ সমীপত ভয়ংকৰ ফেৰী দুৰ্ঘটনা। এখন যাত্ৰীবাহী ফেৰী বাগৰি পৰাৰ ফলত নিহত হয় কমেও ১৫ গৰাকী যাত্ৰী । আনহাতে ৩৩ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় দেওবাৰে নিশা।

দক্ষিণ-পূব চুলাৱেছি প্ৰদেশৰ ৰাজধানী কেণ্ডাৰীৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দক্ষিণে অৱস্থিত মুনা দ্বীপত মাত্ৰ ১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছতেই সংঘটিত হয় ফেৰী দুৰ্ঘটনাটো। মাৱাছাংকা উপসাগৰৰ দুয়োকাষে দুখন সৰু চহৰৰ মাজত এই যাত্ৰাৰ ব্যৱধান আছিল মাত্ৰ ২০ মিনিটৰ। এই পৰ্যন্ত ফেৰী দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.