আজি ভাৰত-চীনৰ মাজত উচ্চস্তৰীয় সামৰিক পৰ্যায়ৰ বৈঠক

ভাৰত-চীনৰ ১৯ সংখ্যক কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা

নেচনেল ডেস্ক:

৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত ভাৰত-চীনৰ মাজত উচ্চস্তৰীয় সামৰিক পৰ্যায়ৰ বৈঠক। আজি ভাৰত-চীনৰ ১৯ সংখ্যক কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা। তিনি বছৰতকৈও অধিক সময় ধৰি চুবুৰীয়া দেশ দুখনৰ সীমান্তত চলি থকা বিবাদ সমাধানৰ বাবে পূব লাডাখ খণ্ডৰ চুশুল-মল্ডোৰ মিটিং পইণ্টত অনুষ্ঠিত হ’ব এই আলোচনা।
​দুই দেশৰ শীৰ্ষ সামৰিক বিষয়াসকলৰ বৈঠক এই কাৰণেও গুৰুত্বপূৰ্ণ ​কিয়নো দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ২০২৩ চনৰ ব্ৰিকছৰ নেতাসকলৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মুখামুখি হ’ব।

২০২০ চনৰ মে’ মাহৰ পৰা বিগত তিনি বছৰ ধৰি দুয়োখন দেশৰ মাজত চলি আহিছে সামৰিক উত্তেজনা। উল্লেখ্য যে, চীনে গালৱান ভেলীত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ষ্টেটাছ ক’ আক্ৰমণাত্মকভাৱে সলনি কৰাৰ চেষ্টা কৰিছিল। ইফালে ​এই বৈঠকত দুয়োপক্ষই নিজৰ নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে ইতিমধ্যে সীমান্ত অঞ্চলৰ আশে-পাশে দ্ৰুতগতিত অব্যাহত ৰাখিছে আন্ত:গাঠনিৰ নির্মাণ কার্য।কৰ্পছ কমাণ্ডাৰ পৰ্যায়ত দুয়োপক্ষৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ এপ্ৰিল মাহত।।

You might also like
Leave A Reply

Your email address will not be published.