আজি ১১ জানুৱাৰী

▶️১৬১৩ চনৰ এই দিনটোতেই মোগল সম্ৰাট জাহাংগীৰৰ ইষ্ট ইণ্ডিয়া কোম্পানীক ছুৰাটত কাৰখানা স্থাপনৰ অনুমতি প্ৰদান।
▶️১৯২৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি-সাহিত্যিক টমাছ হাৰ্ডিৰ মৃত্যু হৈছিল।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই মধ্যপ্ৰদেশৰ নেপা নগৰত স্থাপিত ভাৰতৰ প্ৰথমটো নিউজপ্ৰিন্ট কাৰখানাত উৎপাদন আৰম্ভ হৈছিল।
▶️১৯৬৬ চনৰ এই দিনটোতেই ৰাছিয়াৰ তাছখণ্ডত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল। এই বছৰতেই তেওঁলৈ মৰণোত্তৰভাবে আগবঢ়োৱা হয় ‘ভাৰত ৰত্ন’ সন্মান।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই গুলজাৰিলাল নন্দ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। ২৪ জানুৱাৰীলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই বিৰলা গোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাপক শিল্পপতি ব্ৰিজমোহন বিৰলাৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই দুই শতাধিক হাতীৰ অংশগ্ৰহণেৰে কাজিৰঙাত হস্তী মহোৎসৱ আৰম্ভ হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই মেক্সিকোৰ ‘পপ’ কেটেপেটল’ আগ্নেয়গিৰিৰ উদ্গীৰণ ঘটিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.