আজি ১১ জুলাই

▶️আজি বিশ্ব জনসংখ্যা দিৱস।
▶️আজি মংগোলিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১২৭৪ চনৰ এই দিনটোতেই স্কটলেণ্ডৰ ৰজা ৰবাৰ্ট ব্ৰুছৰ জন্ম।
▶️১৬৫৭ চনৰ এই দিনটোতেই প্ৰুছিয়াৰ ৰজা ফ্ৰেডৰিক ডি গ্ৰেটৰ জন্ম।
▶️১৮৩২ চনৰ এই দিনটোতেই সতীদাহ প্ৰথাৰ বিলোপৰ বিৰোধীতা কৰি ভাৰতৰ এচাম গোড়া হিন্দুৱে কৰা আৱেদন ব্ৰিটিছ সংসদৰ নামঞ্জুৰ।
▶️১৯১৬ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত ৰুছ বিজ্ঞানী আলেকজেণ্ডাৰ মিখাইলোভিছ প্ৰখোৰভৰ অষ্ট্ৰেলিয়াত জন্ম। ১৯৬৪ চনত তেঁও পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ মৃত্যু।১৯৫১ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই পশ্চিম জাৰ্মানীক ৩‐১ গ’লত পৰাস্ত কৰি বিশ্বকাপ ফুটবলত ইটালীৰ খিতাপ দখল।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই মাৰ্কিন মহাকাশযান ‘স্কাইলেব’ ভূ-পতিত।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ব্ৰিটিছ অভিনেতা লৰেন্স অলিভিয়াৰৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই মক্কাৰ পৰা হজ কৰি ওভতাৰ বাটত নাইজেৰিয়াৰ ২৫০ গৰাকী হজযাত্ৰী আৰু ১৪ গৰাকী বিমান কৰ্মীৰ বিমান দুৰ্ঘটনাত শোকাৱহ মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বিশিষ্ট লেখক ভীষ্ম সাহনীৰ মৃত্যু।।

You might also like
Leave A Reply

Your email address will not be published.