আজি ১২ অক্টোবৰ

➡️১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্পী প্ৰতিষ্ঠান ভিলাই ইস্পাট কাৰখানাত প্ৰথম ইস্পাট উৎপাদন আৰম্ভ হৈছিল।
➡️১৯৬৭ চনৰ ১২ অক্টোবৰত সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ মৃত্যু হৈছিল।
➡️মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদোৰত ভূমিকম্পৰ ১,৮০০ লোকৰ মৃত্যু হৈছিল ১৯৮৬ চনৰ ১২ অক্টোবৰত।
➡️১৯৯০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল।
➡️১৯৯৭ চনৰ ১০ অক্টোবৰত দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা ছলমান খানক গ্ৰেপ্তাৰ কৰা হৈছিল।
➡️সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল ১৯৯৮ চনৰ ১২ অক্টোবৰত।
➡️১৯৯৯ চনৰ ১২ অক্টোবৰত পাকিস্তানত সামৰিক শাসন আৰম্ভ হৈছিল। সেনাপ্ৰধান পাৰভেজ মুছাৰফে ক্ষমতা দখল কৰিছিল। প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফ গৃহবন্দী হৈছিল।
➡️১৯৯৯ চনৰ ১২ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি হৈছিল। ৬০০ কোটিতম শিশুটিৰ জন্ম হয় কোছোভোত, ভাৰতীয় সময় মতে ৰাতি ১২.০২ বজাত।
➡️২০০১ চনৰ ১২ অক্টোবৰত ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সচিবপ্ৰধান কফি আন্নানলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.