ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৫ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৬ গৰাকী বৰপেটা জিলাৰ, ৩ গৰাকী বঙাইগাঁও জিলাৰ, ২ গৰাকী কোকৰাঝাৰ জিলাৰ আৰু ২ গৰাকী লক্ষীমপুৰ জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.০৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,৯৫৭ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৮ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.৭১ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৭,৩৭৪ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.