দেশৰ ৰাজধানীত ক’ভিডৰ পুনৰুত্থান!

দিল্লীত ক’ভিডত প্ৰাণ গ’ল ৬জনকৈ লোকৰ!

নেচনেল ডেস্কঃ

দেশৰ ৰাজধানীত ক’ভিডৰ পুনৰুত্থান! দিল্লীত ক’ভিডত প্ৰাণ গ’ল ৬জনকৈ লোকৰ!

দেশৰ ৰাজধানী দিল্লীত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ ৷ বুধবাৰে স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি,বিগত ২৪ ঘণ্টাত ১,৭৬৭ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ সংক্ৰমণ।ইয়াৰ বিপৰীতে ক’ভিডত প্ৰাণ হেৰুৱাইছে ৬ গৰাকীকৈ লোকে৷
স্বাস্থ্য বিভাগৰ প্ৰতিবেদন অনুসৰি, দিল্লীত সংক্ৰমণৰ হাৰ ২৮ শতাংশ অতিক্ৰম কৰিছে।

সংক্ৰমণ প্ৰতিৰোধৰ বাবে কঠোৰ ক’ভিড নীতি মানি চলাৰ বাদে গত্যন্তৰ নাই বুলি সকিয়াই দিছে স্বাস্থ্য বিভাগে। তদুপৰি আন ৰোগত আক্ৰান্ত ৰোগীসকলকো ক’ভিডৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিভাগে।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি হৃদযন্ত্ৰ, হাঁওফাঁও আৰু বৃক্কৰ ৰোগ আদিত ভুগি থকা লোকৰ শৰীৰত ক’ৰনা ভাইৰাছ অনায়াসে সংক্ৰমিত হোৱাৰ সম্ভাৱনা প্ৰৱল।।

You might also like
Leave A Reply

Your email address will not be published.