জীৱন্তে অগ্নিদগ্ধ হৈ ৪ জোৱানৰ কৰুণ মৃত্যু!

ভাৰতীয় সেনাৰ চলন্ত বাহনত অগ্নি সংযোগ

নেচনেল ডেস্কঃ

ম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত শোকাৱহ ঘটনা। ভাৰতীয় সেনাৰ চলন্ত বাহনত অগ্নি সংযোগ। জীৱন্তে অগ্নিদগ্ধ হৈ ৪ গৰাকী জোৱান শ্বহীদ। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ধুৰিয়ান অঞ্চলত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো। ঘটনাৰ পাছতে আৰক্ষী আৰু সেনাৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নিদগ্ধ বাহনৰ পৰা সেনা জোৱান কেইজনক উদ্ধাৰ কৰা হয়।

সেনাৰ বাহনখনত কেনেদৰে অগ্নি সংযোগ হ’ল সেয়া বাতৰি যুগুটোৱা পৰ্যন্ত পোহৰলৈ অহা নাই। সমগ্ৰ ঘটনাটো আদালতৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.