আজি ২১ এপ্ৰিল

▶️১৫২৬ চনৰ আজিৰ দিনটোতেই দিল্লীৰ আফগান চুলতান ইব্ৰাহিম লোডী আৰু ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ লক্ষ্যৰে কাবুলৰ পৰা আহি পঞ্জাৱত প্ৰৱেশ কৰা বাবৰৰ মাজত পাণীপথৰ প্ৰথম যুদ্ধ।এই যুদ্ধত ইব্ৰাহিম লোডী পৰাজিত আৰু নিহত হৈছিল। পৰিনতিত দিল্লীৰ আফগান সাম্ৰাজ্যৰ পতন হৈ মোগল শাসনৰ সূত্ৰপাত ঘটে।
▶️১৮২৮ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ অভিধান ‘ৱেবষ্টাৰ ডিক্সনেৰী’ৰ প্ৰথম প্ৰকাশ।
▶️১৮৯৪ চনৰ আজিৰ দিনটোতেই লণ্ডনত জৰ্জ বাৰ্নাড শ্বৰ প্ৰসিদ্ধ নাট ‘আৰ্মছ এণ্ড দ্য মেন’ৰ প্ৰথম মঞ্চায়ন।
▶️১৯০৭ চনৰ আজিৰ দিনটোতেই উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱাৰ (বি এ জগন্নাথ) মৃত্যু হৈছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথৰ লণ্ডনত জন্ম হৈছিল।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই উৰ্দু কবি ইকবালৰ মৃত্যু হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ (পিছলৈ আম্পায়াৰ) শ্ৰীনিৱাস ভেংকটৰাঘৱনৰ জন্ম হৈছিল।
▶️১৯৬০ চনত চনৰ এই দিনটোতেই ব্ৰাছিলিয়াক ব্ৰাজিলৰ ৰাজধানী ঘোষণা।ইয়াৰ পূৰ্বে দেশখনৰ ৰাজধানী আছিল ফেলডেডোৰ।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই কবি-সাহিত্যিক ৰত্নকান্ত বৰকাকতিৰ মৃত্যু ঘটিছিল।
▶️১৯৮৭ চনৰ আজিৰ দিনটোতেই কলম্বোত তামিল বিদ্ৰোহীৰ বোমা বিস্ফোৰণত ১১৫ লোকৰ মৃত্যু ঘটিছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে ইন্দৰ কুমাৰ গুজৰালৰ শপতগ্ৰহণ। ১৯৯৮ চনৰ ১৯ মাৰ্চলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড়ৰ ওচৰৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলঙৰ নিৰ্মাণকাৰ্য্য মুকলি কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে।৪.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’ল আৰু পথ সাঁকোখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবি আৰু দক্ষিণপাৰৰ চাউলখোৱা গাঁৱক সংযোগ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.